Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত ব্যতিক্ৰমী প্ৰচাৰে দৃষ্টি আকৰ্ষণ কৰিছে জাতীয় পৰিষদৰ প্ৰাৰ্থী নিৰোদ চাংকাকতিয়ে

  ষ্টাফ ৰিপৰ্টাৰ যোৰহাট, ২২ মাৰ্চ : অসমৰ কোন দলৰ নেতাই কত টিকট পাব, সেয়া নিৰ্ধাৰণ কৰে দিল্লীয়ে আৰু তেওঁলোকক ভোট দিবলৈ কবলৈ আহে ডাঙৰ ডাঙৰ ন...

 


ষ্টাফ ৰিপৰ্টাৰ যোৰহাট, ২২ মাৰ্চ : অসমৰ কোন দলৰ নেতাই কত টিকট পাব, সেয়া নিৰ্ধাৰণ কৰে দিল্লীয়ে আৰু তেওঁলোকক ভোট দিবলৈ কবলৈ আহে ডাঙৰ ডাঙৰ নেতা আহে দিল্লী, মুম্বাই, ইউ পি, মধ্য প্ৰদেশ, ঝাৰখণ্ড আদি ৰাজ্যৰ পৰা। অসম আৰু অসমীয়াৰ বাবে ইয়াতকৈ আৰু কি দুখৰ কথা থাকিব পাৰে। আপোনালোকে চিন্তা কৰক। অসম জাতীয় পৰিষদৰ যোৰহাট বিধান সভা সমষ্টিৰ প্ৰাৰ্থী নিৰোদ চাংকাকতিৰ। কালি নিশা নগৰৰ বিজি ইন'ত অনুষ্ঠিত কৰা এক সংবাদ মেল সম্বোধি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী নিৰোদ চাংকাকতিয়ে কয়, এনে কাণ্ড কাৰখানাৰ জৰিয়তে ৰাজনৈতিক দলবোৰে অসমীয়াৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰিছে। অসমত কাৰ শাসন চলিব সেয়া অসমৰ খিলঞ্জীয়াই সিদ্ধান্ত ল'ব, বহিঃ ৰাজ্যৰ পৰা ৰাজনৈতিক নেতাই নহয় বুলি সকীয়াই দি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীজনে কয়, অসমীয়া জাতি এতিয়া অস্তিত্বৰ সংকটত। এই সময়ত অসমক বচাই ৰাখিবলৈ হলে অসমীয়া ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰা সংযোগী ভাষা হিচাপে ব্যৱহাৰ কৰা অসমত বসবাস কৰা সকলোকে লৈ বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব লাগিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি চাংকাকটিয়ে আৰু কয়, অনাগত দিনত এই দৃষ্টি ভংগীৰে আমি কাম কৰাৰ পন লৈছোঁ। কম টকাৰে নিৰ্বাচন খেলি ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়ি অহা বুলি মন্তব্য কৰি তেওঁ কয় : নিৰ্বাচনত কোটি কোটি টকা খৰচ কৰাৰ অৰ্থ অনাগত পাঁচ বছৰত দুৰ্নীতি, ছিণ্ডিকেটৰাজ আদিৰ আশ্ৰয় লোৱা। সেয়ে মই অবৈধ ধনৰ প্ৰতি মুঠেই লালায়িত নহওঁ , বৰঞ্চ মই আৰু মোৰ দলে মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰি সততাৰে ৰাইজৰ মাজলৈ ওলাই আহিছো। যোৰহাটৰ দৰে এক সম্ভ্ৰান্ত সমষ্টিৰ ৰাইজে আমাক নিশ্চয় সহৃদয়ৰে গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰি অধিক নিৰ্বাচনত আগৰ বিধায়কসকলে নিৰ্বাচনত কৰা ব্যয়ৰ ধন উলিয়াবৰ বাবে দুৰ্নীতিৰ আশ্ৰয় লোৱা দেখা যায়। যোৰহাটত এনে বোৰ কাৰণতে উন্নয়ন সাধন হোৱা নাই বুলি কৈ অসম জাতীয় পৰিষদ প্ৰাৰ্থী গৰাকীয়ে যোৰহাট বিধান সভা সমষ্টিত ৮০শতাংশ লোকৰ খোৱা পানীৰ সমস্যা। তদুপৰি, যোৰহাটৰ যান-যঁতৰ সমস্যা ,কৃত্ৰিম বান পানী সমস্যা আদি সমাধান কৰাত আগৰ জনপ্ৰতিনিধি সকল ব্যৰ্থ বুলি তেওঁ সৰৱ হৈ পৰে। তদুপৰি,যোৰহাটৰ বহু মহলীয়া কাৰ পাৰ্কিং, ডাম্পিং গ্ৰাউণ্ড কংগ্ৰেছ আৰু বিজেপি কোনোৱে সম্পূৰ্ণ কৰিব নোৱাৰিলে। আনকি যোৰহাটৰ পথৰ কাষত মুকলি কৈ মাছ মাংস বিক্ৰী হৈ থকাৰ পিছতো এখন বিজ্ঞানসন্মত এখন বজাৰ, এটা বিজ্ঞানসন্মত শ্লাটাৰ হাউচ নথকাটো দুৰ্ভাগ্যজনক। তেওঁ আক্ষেপ প্ৰকাশ কৰি কয়, যোৰহাটৰ উন্নয়নৰ বাবে নগৰ আন্তঃগাঁথনি উন্নয়নৰ পুঁজি দুশ কোটি বৰ্তমানৰ জনপ্ৰতিনিধিজনে ব্যয় কৰিব নোৱাৰিলে। তেওঁৰ এয়া চৰম ব্যৰ্থতা নহয়, কি বুলি প্ৰশ্ন উত্থাপন কৰে চাংকাকটিয়ে। ইয়াৰ বিপৰীতে, অসম জাতীয় পৰিসদৰ প্ৰাৰ্থী নিৰোদ চাংকাকতিয়ে এলানি কৰ্ম পন্থা যোৰহাটৰ বাবে গ্ৰহণ কৰা বুলি সম্বাদমেলত উল্লেখ কৰে ।ছাত্ৰ ছাত্ৰী ৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ কৰনে স্কুল সমূহৰ লগতে স্থানীয়ভাৱে থকা খেল পথাৰ এবছৰৰ ভিতৰত উন্নতি কৰণ কৰা, ছাত্ৰ ছাত্ৰী সকলৰ পৰীক্ষা NMMS, RIMC, KVPY, SCRA,GATE,CDS আদি পৰীক্ষাৰ বাবে ষষ্ঠ মানৰ পৰাই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ, বিভিন্ন প্ৰীতিযোগিতা মূলক পৰীক্ষা SSC, Bank,APSC, UPSC, ONGC, Railway বাবে বিনামূলীয়া প্ৰশিক্ষণ এটা বছৰৰ ভিতৰত আৰম্ভ কৰিব।নিবনুৱা যুৱক যুৱতী সকলৰ বাবে দক্ষতা অনুসৰি ডিটিপি, কম্পিউটাৰ আদিকে ধৰি বিদ্যুৎ চালিত তাঁত শাল, আধুনিক বৈজ্ঞানিক প্ৰদ্ধতিৰে কৃষি কাৰ্য, পশু পালন, মাঘ মাহৰ পৰা বহাগ পজয়ন্ত খেতি নকৰাকৈ পেলাই থোৱা মাটি সমূহত কৃষি কাৰ্য্য কৰি নতুন কৃষি বিপ্লৱ সূচনা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ ঘোষণা কৰে। এজন জনপ্ৰতিনিধি হিচাপে নাগৰিক সকলে যাতে সুস্থ জীৱন ধাৰণৰ বাবে প্যাপ্য সকলো মৌলিক অধিকাৰ লাভ কৰিব পাৰে তাৰ বাবে চেষ্টা চলোৱা হব বুলি উল্লেখ কৰি সম্বাদমেল খনত সুস্থ ৰাজনৈতিক বাতাবৰণ গঢ়ি তুলি প্ৰতি জন নাগৰিকে নিজৰ আত্মসন্মান, আত্মমদর্য্যদা, দেশ প্ৰেম, জাতীয়তাবাদক শক্তিশালী কৰি তোলাৰ লক্ষ স্থিৰ কৰিছে নিৰোদ চাং কাকতিয়ে। সম্বাদমেলখনত জাতীয় পৰিসদৰ হৈ ধ্ৰুৱ হাজৰিকা উপস্থিত থাকে। উল্লেখযোগ্য যে তেনেই কম বাজেটত নিৰ্বাচন খেলিবলৈ ওলোৱা অসম জাতীয় পৰিষদৰ নেতাজনে তেওঁৰ দলৰ কৰ্মী আৰু সমৰ্থকসকলক লৈ দৈনিক পদব্ৰজে গৈ ৰাইজক ঘৰে মাত লগাই ভোট ভিক্ষা কৰা দেখা গৈছে। তদুপৰি, এখন বাহনত তেওঁৰ বক্তব্য আৰু দলীয় লক্ষ্য-উদ্দেশ্য ঘোষণা কৰি বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উপৰি ৰাইজৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা পৰিলক্ষিত হৈছে। সংবাদ মেলত তেওঁ ৰাইজৰ পৰা অফুৰন্ত সঁহাৰি লাভ কৰা বুলি সদৰী কৰে।

No comments