Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আকৰ্ষণীয় হৈ উঠিছে ৭৯নং জাগীৰোড বিধানসভা সমষ্টি; দুপৰনিশা লৈকে প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীয়ুষ হাজৰিকা

  বাবু মনি শৰ্মা; মৰিগাঁও,২৯ মাৰ্চ : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকাৰ অৱস্থাত ক্ৰমে অধিক আকৰ্ষণীয় হৈ উঠিছে ৭৯নং জা...

 


বাবু মনি শৰ্মা; মৰিগাঁও,২৯ মাৰ্চ: দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকাৰ অৱস্থাত ক্ৰমে অধিক আকৰ্ষণীয় হৈ উঠিছে ৭৯নং জাগীৰোড বিধানসভা সমষ্টি। ২,৩৭,৪৫৭ গৰাকী ভোটাৰে ভোটদান কৰিবলগীয়া সমষ্টিটোত এইবেলি চাৰি গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও সমষ্টিটোত প্ৰধান যুঁজ বিজেপি প্ৰাৰ্থী পীয়ুষ হাজৰিকা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী স্বপন মণ্ডলৰ মাজতেই সীমাবদ্ধ থাকিব। অৱশ্যে জাতীয় পৰিষদৰ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী বুবুল দাসেও এঘৰী যুঁজ দিবৰ বাবে সভা সমিতি পাতি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰিলক্ষিত হৈছে। জাগীৰোড সমষ্টিত দ্বিতীয় বাৰৰ বাবে জয় লাভ কৰাৰ উদ্দেশ্যেৰে বিজেপিৰ শক্তিশালী প্ৰাৰ্থী পীয়ুষ হাজৰিকাই সমষ্টিটোৰ ২৭ টাকৈ পঞ্চায়ততে অবিৰাম গতিৰে নিৰ্বাচনী প্ৰচাৰ চলাই পৰিৱেশ উত্তাল কৰি তুলিছে যদিও পীয়ুষ হাজৰিকাক প্ৰত্যাহ্বান জনাব পৰাকৈ সমষ্টিটোত কোনো এজন প্ৰাৰ্থীয়ে থিয় হ'ব পৰা নাই। মহাজোঁট বন্ধনৰ‌ প্ৰাৰ্থী কংগ্ৰেছৰ স্বপন মণ্ডলে মহাজোঁট বন্ধনৰ‌ কেইবাগৰাকীও নেতাক লৈ প্ৰচাৰ অভিযান কিছু তীব্ৰতৰ কৰি তোলা বৰ্তমান সময়ত পৰিলক্ষিত হৈছে। স্বপন মণ্ডলে বিশেষ কৈ বঙালী ভাষী লোকৰ ভোট আদায় কৰিবলৈ প্ৰাৰ্যমানে চেষ্টা চলোৱা দেখা গৈছে যদিও মণ্ডলে বঙালী সম্প্ৰদায়ৰ ভোট কিমান লাভ কৰিব সেয়া সময়ত হে লক্ষ্যনীয় হ'ব। ইপিনে, সমষ্টিটোত বিজেপিৰ শক্তিশালী প্ৰাৰ্থী পীয়ুষ হাজৰিকাই দাবী কৰিছে যে- তেওঁ সমষ্টিটোত যোৱা সময়চোৱাত বহু উল্লেখনীয় কাম সম্পূৰ্ণ কৰিছে। সমষ্টিটোত বাট-পথৰ উন্নয়ন বহু খিনি সম্ভৱ হৈ উঠিছে।বহু নিবনুৱা যুৱক-যুৱতীক তেওঁ কৰ্মসংস্থাপনৰ সুযোগ দিছে। জাগীৰোড সমষ্টিত উন্নয়ন আৰু বিকাশৰ বাবেই সমষ্টিবাসী ৰাইজে তেওঁক এইবেলি বিপুল ভোটত জয় লাভ কৰাব। মন্ত্ৰী পীয়ুষ হাজৰিকাই পুনৰ দাবী কৰি কয় যে- জাগীৰোডবাসীৰ উন্নয়ন আৰু বিকাশ সাধন কৰিবলৈ হ'লে একমাত্ৰ দল হ'ল বিজেপি। বিজেপি শক্তিশালী হ'লে হে পীয়ুষ হাজৰিকা শক্তিশালী হ'ব আৰু ৰাইজৰ জয় জয় মই মই হ'ব। ইয়াৰ বাবে তেওঁ আশীৰ্বাদ বিচাৰে জাগীৰোড বাসীৰ ৰাইজৰ।


No comments