Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জুবিন গাৰ্গৰ "পলিটিক্স নকৰিবা বন্ধু" ৰ উদ্ধৃতিৰে প্ৰিয়ংকাৰ ৰণডংকা। যোৰহাটৰ বিশাল জনসভাত নিৰ্বাচনী প্ৰচাৰ প্ৰিয়ংকা গান্ধীৰ

"এই নিৰ্বাচন অসমীয়াৰ আত্মসন্মানৰ যুঁজ " : প্ৰিয়ংকা গান্ধী ষ্টাফ ৰিপৰ্টাৰ ,  গণ বাৰ্তা,যোৰহাট, ২১ মাৰ্চঃ উজনি অসমত নিৰ্বাচন লৈ মা...

"এই নিৰ্বাচন অসমীয়াৰ আত্মসন্মানৰ যুঁজ " : প্ৰিয়ংকা গান্ধী


ষ্টাফ ৰিপৰ্টাৰ ,  গণ বাৰ্তা,যোৰহাট, ২১ মাৰ্চঃ উজনি অসমত নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়ত উজনি অসমত কংগ্ৰেছৰ ৰথী মহাৰথীয়ে প্ৰচাৰ চলোৱা দেখা গৈছে। কালি যোৰহাট জিলাৰ মৰিয়নিত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে বিপুল জনগমাগম ৰ সন্মুখত প্ৰচাৰ চলোৱাৰ পাছত আজি যোৰহাট চহৰৰ মাজমজিয়াৰ জিলা ক্ৰীড়া সন্থাৰ খেল পথাৰত যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ হৈ প্ৰচাৰ চলালে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা  প্ৰিয়ংকা গান্ধীয়ে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সমবেত হোৱা প্ৰায় ১৫ সহস্ৰাধিক ৰাইজৰ আগত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰিয়ংকা গান্ধীয়ে কয় যে, বিজেপি চৰকাৰে অসমত শাসনৰ গাদীত বহাৰ পূৰ্বে প্ৰতিজ্ঞা কৰিছিল যে , চৰকাৰ দিলীৰ পৰা চলোৱা হব বুলি আৰু বৰ্তমান সেই মতেই চলি আছে দিল্লীৰ পৰা। দিল্লীক  নুসুধাকৈ অসমত কোনো কাম নহয়। অসমত এতিয়া দুজন কৈ মুখ্যমন্ত্ৰী য়ে কাম কৰি আছে। অসমত বৰ্তমানৰ মুখ্যমন্ত্ৰী জনক দুৰ্বল কৰি পেলাইছে দিল্লীয়ে। আনহাতে অসম গণ পৰিষদ ৰো অস্তিত্ব বৰ্তমান নাই। অসম গণ পৰিষদ প্ৰকৃতাৰ্থত হোৱা উচিত দিল্লী গণ পৰিষদ। ৰাজনীতিৰ মূল উদ্দেশ্য হৈছে ৰাইজক এখন সুস্থ, নিকা সমাজ গঢ়ি তুলি এক সুস্থ ৰাজনৈতিক পৰিৱেশ ৰ সূচনা কৰা। কিন্তু বিজেপি চৰকাৰে অসমক সকলো ক্ষেত্ৰতে প্ৰতাৰণা কৰি আহিছে। ভাষণ প্ৰসংগত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয় যে, মোডী ডাঙৰীয়াই কৈছে যে, কংগ্ৰেছ দলে অসমীয়া জাতিক অপমান কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে এইবাৰ বিজেপিক দিব। কিন্তু তেওঁ মনত ৰখা উচিত যে , অসমক প্ৰয়াত তৰুণ গগৈৰ দৰে নেতাই শাসন কৰিছিল। তৰুণ গগৈ দেৱৰ তেজে তেজে কংগ্ৰেছ আছে। হৃদয়ত অসম আছিল। প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাবি চাব লাগিছিল যে তেওঁ প্ৰয়াত তৰুণ গগৈৰ অসমক অপমান কৰিছে। তৰুণ গগৈ দেৱৰ মৃত্যুৰ পাছত প্ৰধানমন্ত্ৰী গৰাকীৰ মুখত এনে কথা শোভা নাপায়। তেওঁলোকৰ যিমান নীতি আছে সেইয়া অসমৰ বাবে নহয়। সেইয়া কেৱল দিল্লীক শক্তিশালী কৰিবৰ বাবে। আৰু কেৱল মাত্ৰ কেইজনমান উদ্যোগপতিক শক্তিশালী কৰিবৰ বাবে । আনহাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত চৰকাৰী ধনেৰে নিৰ্মান কৰা বিমানবন্দৰ তেওঁলোকৰ উদ্যোগপতি বন্ধুক দিয়াৰ ব্যৱস্থা কৰিছে। । অসমৰ সকলো সম্পদ দুজনমান উদ্যোগপতিক বিক্ৰী কৰাত তেওঁলোক ব্যস্ত আছে। এ এছ ই বিক ব্যক্তিগতকৰণ কৰি কোনো উদ্যোগপতি ক গতাই দিয়াৰ চিন্তা কৰিছে। তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈ অসমক বিক্ৰী কৰিবলৈ ওলাইছে। তেওঁলোকে এক দীঘলীয়া তালিকা প্ৰস্তুত কৰি থৈছে। নুমলীগড় শোধনাগাৰ বিক্রী কৰিব বিচাৰিছে। এফালে কা ৰ জৰিয়তে অসমৰ সংস্কৃতি বিনাশ কৰিব বিচাৰিছে। আৰু আনহাতে সম্পত্তিসমুহ উদ্যোগপতিক গতাই দিব বিচাৰিছে। ভাষণ প্ৰসংগত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কণ্ঠশিল্পী জুবিন গাৰ্গ ৰ "পলিটিক্স নকৰিবা বন্ধু" গীতৰ উদ্ধৃতি দি কয় যে, কা আনিবৰ সময়ত যেতিয়া অসমৰ ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল তেতিয়া জুবিন গাৰ্গ ডাঙৰীয়াই তেওঁৰ গীতৰ জৰিয়তে বিজেপিক সকীয়াই দিছিল যে জাতিক লৈ পলিটিক্স নকৰিবা। কিন্তু পৰিতাপৰ বিষয় যে তেওঁলোকে সকলো ক্ষেত্ৰত পলিটিক্স কৰিছে। অসমৰ লগত এনে পলিটিক্স কৰিলে যে অসমৰ বিকাশ স্তব্ধ হৈ পৰিল। যি যি কৈছিল তেওঁলোকে , একো নকৰিলে। সকলো ক্ষেত্ৰত কেৱল প্ৰতাৰণা কৰিলে অসমৰ ৰাইজক। যুৱ প্ৰজন্মক ঠগিলে। তিনি লাখ চৰকাৰী চাকৰি এতিয়াও খালি হৈ আছে। অসমত ৪০ লাখ নিবনুৱা আছে। ফলত উপাৰ্জনৰ বাবে অসমৰ যুৱক যুৱতী বহি ৰাজ্যলৈ  যাব লগা হয় । কিন্তু তাতো যিসকল বিজেপিৰ চিন্তা ধাৰাৰ লোক আছে তেওঁলোকে সন্মান নিদিয়ে। এইবাৰৰ নিৰ্বাচন অসম বাসীৰ আত্ম সন্মানৰ যুজঁ। আপোনালোক আত্মসন্মানৰ যুঁজত অৱতীৰ্ণ হবলৈ গৈ আছে। এই চৰকাৰে যুৱ প্ৰজন্ম, চাহ শ্ৰমিকক প্ৰতাৰণা কৰিলে। ইমানৰ পাছতো তেওঁলোকে কয় আপোনালোকৰ বিকাশ কৰিম। আপোনালোকে এনে কথাত কেনেকৈ বিশ্বাস কৰিব। আপোনালোকে দেখিছে পাঁচ বছৰত কি কৰিলে। হব পাৰে কংগ্ৰেছ দলেও কিছু ভুল কৰিছিল। কিন্তু যেতিয়া তৰুণ গগৈ দেৱৰ চৰকাৰ অসমত আছিল তেতিয়াও বিকাশ হৈছিল, অসমীয়া সংস্কৃতিৰ ৰক্ষণাবেক্ষণ দিয়া হৈছিল। তেতিয়া তেওঁ কংগ্ৰেছ দলে কা অনা নাছিল। মই মাত্ৰ কব বিচাৰো যে আপোনালোকৰ জীৱনৰ পৰিস্থিতি আপোনাতকৈ কোনেও ভালকৈ নুবুজে। আপোনালোকে নিজেই সত্যতাৰ মুখামুখি হয়। সেইবাবে যেতিয়া আপোনালোকে সিদ্ধান্ত লব ভাবি চিন্তি লব। কংগ্ৰেছ দলে এইবাৰ নিৰ্বাচন ত এক বিশেষ পদক্ষেপ লৈছে। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতা আহি আপোনালোকৰ সমস্যাৰ বুজ লৈছে। আৰু বুজ লৈ পাঁচ টা প্ৰতিশ্ৰুতিৰ কথা কৈছে। এইবোৰ ফটা ঢোল বজোৱাৰ কথা নহয় আমাৰ বাবে। কংগ্ৰেছৰ চৰকাৰ আহিব আৰু এই পাঁচ টা প্ৰতিশ্ৰুতি পূৰণ হব। মই এটা কথা পুনৰ কব বিচাৰো যে যেতিয়া আপোনালোকে ভোট দিব তেতিয়া নিজৰ বিবেকক সুধিব। কিয়নো এইয়া আপোনালোকৰ ভৱিষ্যত। ই আপোনালোকৰ হাতত আছে। আপোনালোকে কংগ্ৰেছ দলৰ চৰকাৰ বনাওক। তেতিয়া আপোনালোকৰ ভৱিষ্যত সুৰক্ষিত হব। মই জানো ৰাইজে ৰিমট কোনট্ৰলত চলা চৰকাৰ নিবিচাৰে উল্লেখ  কৰাৰ লগতে কয় যে অসমত কংগ্ৰেছ চৰকাৰ হলে   "কা' বাতিল কৰা, চাহ বাগিচাৰ শ্ৰমিকক দৈনিক মজুৰি ৩৬৫ টকা প্ৰদান কৰা, পাঁচ লাখ নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান কৰা , ২০০ ইউনিত বিনামূলীয়া  বিজুলী যোগান আৰু  প্ৰতি পৰিয়ালৰ মহিলাসকলক মহিলী দুহেজাৰ টকা একাউন্টৰ যোগেদি ভৰাই দিয়া আদি প্ৰদান কৰা এই পাঁচ গেৰান্তিৰ কথা উল্লেখ কৰে ।   সভাত আদৰনি ভাষণ প্ৰদান কৰি যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰক্ষেপিত পার্থী ৰাণা গোস্বামীয়ে কয় যে, যোৱা পাঁচ বছৰত যোৰহাট বাসী ৰাইজে জিয়াটো ভুগিলে। ২০১৮ চনত ৫০০ আৰু ১০০০ টকাৰ নোট বন্ধ কৰি বিজেপিয়ে দেশৰ অৰ্থনীতি জুৰুলা কৰিলে। তাৰ পাছত জি এচ টি আনি ৰাজ্যৰ সৰু সৰু উদ্যোগ সমূহ বন্ধ কৰিলে। বিজেপিৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি য়ে সমগ্ৰ ৰাজ্যবাসী ক কোঙা কৰি তুলিছে। বিজেপি চৰকাৰে ৰাজ্যৰ সকলো সম্পত্তি এনেদৰে বিক্ৰী কৰি

No comments