Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিজেপি চৰকাৰে কোচ ৰাজবংশী সকলক কেবল প্ৰতাৰণা কৰিয়েই চলি থাকিল; শলবাৰীত সংবাদমেলত ক্ষোভ কোচ ৰাজবংশী যুৱ পৰিষদৰ

  গণ বাৰ্তা, শালবাৰী, ৩ মাৰ্চ : বিগত পাঁচ বছৰে কোচ ৰাজবংশীসকলক শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে কেবল প্ৰলোভনৰ ৰাজনীতিৰে প্ৰতাৰণা কৰিহে আহিছে৷ আজ...

 


গণ বাৰ্তা, শালবাৰী, ৩ মাৰ্চ: বিগত পাঁচ বছৰে কোচ ৰাজবংশীসকলক শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনে কেবল প্ৰলোভনৰ ৰাজনীতিৰে প্ৰতাৰণা কৰিহে আহিছে৷ আজিলৈ জনগোষ্ঠীটোৰ জনজাতিকৰণ কৰা নহ’ল৷ ঠগ প্ৰবঞ্চনাৰ ৰাজনীতি কৰিছে শাসনাধিষ্ঠিত চৰকাৰখনে৷ -এই ক্ষোভ কোচ ৰাজবংশী যুৱ পৰিষদৰ সম্পাদক মুকুন্দ বৰ্মনৰ৷ শালবাৰীৰ আনন্দ বজাৰত কোচ ৰাজবংশী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা বাক্সা জিলা সমিতিৰ সহযোগত আয়োজন কৰা এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সম্পাদক মুকুন্দ বৰ্মনে বিজেপি চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰি নিৰ্বাচনৰ পূৰ্বেই কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে৷ শাসনাধিষ্ঠিত চৰকাৰখনক জনজাতিকৰণ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় অন্যথা সমাগত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে সংগঠনটোৱে৷ উক্ত সংবাদমেলত উপস্থিত থাকে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি প্ৰানধৰ কোচ, সম্পাদক মুকুন্দ বৰ্মণ, কাৰ্যকৰী সভাপতি চন্দন বৰ্মন, ধিমচেন বৰ্মন, প্ৰচাৰ সম্পাদক ৰঞ্জন বৰ্মন আদিকৰি কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ কেইবাগৰাকী নেতাকৰ্মী উপস্থিত থাকে৷

No comments