ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৫ মাৰ্চ : যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ অনুষ্ঠানত আজি কবিতাৰ গুঞ্জন ন...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৫ মাৰ্চ : যোৰহাটৰ ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ অনুষ্ঠানত আজি কবিতাৰ গুঞ্জন নামৰ এক কবি সন্মিলন অনুষ্ঠান অনুষ্ঠিত হয় । যোৰহাট জিলা কবি সন্মিলনৰ উদ্যোগত আৰু মহানগৰ শাখা কবি সন্মিলনৰ সহযোগত গ্ৰন্থমেলাৰ সাংবাদিক প্ৰফুল্ল ৰাজগুৰুৰ সোঁৱৰণী মঞ্চত অনুষ্ঠিত হোৱা কবি সন্মিলনৰ কবিতাৰ গুঞ্জন নামৰ অনুষ্ঠানটো পৰিচালনা কৰে মহানগৰ শাখা কবি সন্মিলনৰ সভাপতি আৰেছা বেগমে । প্ৰায় অৰ্ধশতাধিক কবিয়ে কবিতা পাঠ ,কবিতা আবৃত্তি কৰা কবিতাৰ গুঞ্জন অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড0 ৰাতুল চন্দ্ৰ বৰাই । যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিৰদা গগৈ বৰাই এটি কবিতাৰে শুভ উদ্ধোধন কৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে বিশিষ্ট অধ্যাপিকা ড0 জ্যোতিৰেখা হাজৰিকা, চিনামৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 অঞ্জন শইকীয়া, জিলা সাহিত্য সভাৰ সম্পাদক মাধৱ মহন্তকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট লোক ।
No comments