বঙাইগাঁও, ১৫ মাৰ্চঃ বঙাইগাওঁ আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত আজি আবেলি ২ মান বজাত বঙাইগাওঁস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে অভয়া...
বঙাইগাঁও, ১৫ মাৰ্চঃ বঙাইগাওঁ আই উপত্যকা বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত আজি আবেলি ২ মান বজাত বঙাইগাওঁস্থিত বিশেষ বন সুৰক্ষা বাহিনীয়ে অভয়াপুৰী বনাঞ্চলিক কাৰ্যালয় তথা অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত গোলাপাৰা ১ম খণ্ডত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিলৰ লগতে কিছুসংখ্যক ফলা কাঠ আৰু কাঠৰ কুণ্ডা জব্দ কৰে । জব্দকৃত কাঠ ফলা মিলটোৰ লগতে কাঠখিনি পিচত অভয়াপুৰী বনাঞ্চলিক কাৰ্যালয়লৈ অনা হয়। অভিযানকাৰী বন বিভাগৰ দলে চোৰাং কাঠৰ ব্যৱসায়ী তথা অবৈধ কাঠ ফলা কলৰ গৰাকীক কৰায়ত্ব কৰিবলৈ তদন্ত চলাই আছে । জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য পঞ্চাশ হাজাৰৰ অধিক হ'ব ।
No comments