Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাইৰ বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষক নীলবাগানত উষ্ম আদৰণি; বাইক ৰেলীৰে শোভাযাত্ৰা হোজাইত

  কফিল বৰভুঞা,হোজাই ১১ মাৰ্চ : "মই টিকট পাইছো, এতিয়া মই জয়ী হৈছো ,শিলাদিত্যই নিৰ্দলীয় নিৰ্বাচন খেলিলেও মোৰ ক্ষতি নহয়" - এই মন্তব্য...

 


কফিল বৰভুঞা,হোজাই ১১ মাৰ্চ: "মই টিকট পাইছো, এতিয়া মই জয়ী হৈছো ,শিলাদিত্যই নিৰ্দলীয় নিৰ্বাচন খেলিলেও মোৰ ক্ষতি নহয়" - এই মন্তব্য হোজাইৰ বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ ৷ আজি৯১ নং হোজাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষক নীলবাগানৰ পৰা বাইক আৰু চাৰিচকীয়া গাড়ীৰে ৰেলী কৰি দলীয় কৰ্মী সমৰ্থকসকলে বিপুলভাবে আদৰণি জনাই হোজাই চহৰলৈ লৈ যায় ৷ হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেৱ, জামাত উলামা ই অসমৰ সভাপতি মুফতি এবাদুৰ ৰহমান কাছিমী, সাধাৰণ সম্পাদক ফখৰ উদ্দিন কাছিমী আৰু বিজেপি কৰ্মী সমৰ্থক সকলে নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাই পথত প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষক গামোচাৰে উষ্ম আদৰণি জনায় ৷ প্ৰথমে নীলবাগান ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সমবেত হৈ বিজেপিৰ সমৰ্থক সকলে দলীয় প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষক হোজাই বিহুতলিলৈ লৈ যায় ৷ হোজাই কৰ্মকৰ্তা সকলে ব্যাপকবাবে সম্বৰ্ধনা জনায় ৷ সাংবাদিকে বিধায়ক শিলাদিত্য দেৱৰ দল ত্যাগ সন্দৰ্ভত প্ৰশ্ন কৰাত বিজেপিৰ হোজাই জিলা সভাপতি অনুপ দেৱসহ অন্যান্য সকলে কয়- তেওঁক আমি বুজাই দলত ৰখাৰ কাৰণে চেষ্টা কৰিম, তেওঁৰ দিনত সমষ্টিত যতেষ্ট উন্নয়ণ হৈছে বুলি জিলা সভাপতিয়ে মন্তব্য কৰে ৷ শিলাদিত্যক নিৰ্দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচন নেখেলিবলৈ দলীয় কৰ্মীসকলে আহ্বান জনাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷আন একাংশৰ মতে, শিলাদিত্যই নিৰ্দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হলে দলৰ কোনো ক্ষতি নহয় বুলি মন্তব্য কৰে ৷

No comments