গণ বাৰ্তা, শালবাৰী, ২৬ মাৰ্চঃ বাক্সাৰ শালবাৰীৰ বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত গামাৰিগুৰিত আজি আবেলি সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত...
গণ বাৰ্তা, শালবাৰী, ২৬ মাৰ্চঃ বাক্সাৰ শালবাৰীৰ বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত গামাৰিগুৰিত আজি আবেলি সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত আঠটাকৈ পৰিয়ালৰ ঘৰবাৰী জ্বলি সম্পূৰ্ণভাবে ছাই হৈ যায়৷ জানিব পৰা মতে গামাৰিগুৰি গাঁওৰ এটা পৰিয়ালৰ বিদ্যুৎ মিটাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত ওচৰ চুবুৰীয়া লোকে পানী, বালি আদিৰে চেষ্টা কৰিও কোনোপধ্যেই জুই নুমুৱাবলৈ সক্ষম নোহোৱাত পৰৱৰ্তীসময়ত বৰপেটাৰোডৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীয়ে আহি জুই নুমুৱাবলৈ সক্ষম হয় যদিও কোনো সামগ্ৰী ৰক্ষা কৰিবলৈ সক্ষম নহ’ল৷ অগ্নিকাণ্ডৰ ফলত আঠটাকৈ পৰিয়ালৰ লাখ লাখ টকাৰ সা সম্পত্তি ধ্বংস হোৱাৰ লগতে বহু লাগতিয়াল নথিপত্ৰ এন আৰ চি, ভোটাৰ তালিকা, মাটিৰ দলিল আদিকৰি বহু নথী জুইত জাহ যায়৷ এই ঘটনাত দিন হাজিৰা কৰি পৰিয়াল চলোৱা পৰিয়ালবোৰৰ এতিয়া জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা৷ কেমেৰাৰ সমুখত হুকহুকাই কান্দি পৰিয়ালৰ লোকসকলে কৈ গ’ল আমাৰ সকলো শেষ হৈ গ’ল, আমাৰ সকলো শেষ হৈ গ’ল৷ অগ্নিকাণ্ডৰ ফলত গাঁওখনৰ ৰবি আলী, বানিছ খা, ইছমাইল হুছেইন, কাদেৰ আলী, মফিজ উদ্দিন, চুলতান খা, ভিক্কু আলী আদি লোকসকলৰ বাসগৃহকেইটা সম্পূৰ্ণৰূপে জুইত জাহ যায়৷
No comments