Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আই জি এচ এচ এচ'ৰ উদ্যোগত জনীয়াত সু-পোষন আচনিৰ জিলা ভিত্তিক কৰ্মশালা

গণবাৰ্তা,জনীয়া,১১ মাৰ্চ : ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন জি অ ইন্দো গ্লোবেল ছচিয়েল ছাৰ্ভিচ ছচাইটি চমুকৈ আই জি এচ এচ এচ 'ৰ উদ্যোগত জনীয়া আঞ্চলিক গ্...


গণবাৰ্তা,জনীয়া,১১ মাৰ্চ
: ৰাষ্ট্ৰীয় পৰ্যায়ৰ এন জি অ ইন্দো গ্লোবেল ছচিয়েল ছাৰ্ভিচ ছচাইটি চমুকৈ আই জি এচ এচ এচ 'ৰ উদ্যোগত জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সভাক্ষত ৯ মাৰ্চত সু-পোষন আচনিৰ ওপৰত জিলা ভিত্তিক কৰ্মশালা অনুষ্ঠিত হয় । আই জি এচ এচ এচৰ বৰপেটা আৰু ধুবুৰী জিলাৰ প্ৰকল্প সমন্বয়ক মকিব শিকদাৰে আত ধৰা কৰ্মশালাত জিলা আইন সেৱা প্ৰাধিকাৰী সচিব চৰিফ উদ্দিন আহমেদ পাঠান,জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়া ড নন্দিতা দত্ত ,বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ক অৰ্পনা অধিকাৰী, স্বাস্থ্য আৰু চিকিৎসা বিভাগৰ ডা শাহানুৰ আলম,জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিক, জিলা শিশু সুৰক্ষা বিষয়া তথা শিশু সুৰক্ষা গোটৰ ৰুমিকা কাকতি, সীমা বৰ্মন আদি কৰি বিভিন্ন বিভাগৰ বিষয়-ববীয়াৰ সৈতে আই জি এচ এচ এচে মত বিনিময় কৰি ভৱিষ্যত কাৰ্যপন্থাৰ ওপৰত আলোকপাত কৰে । অন্তত শলাগৰ শৰাই আগবঢ়ায় আই জি এচ এচ এচৰ প্ৰীতম তালুকদাৰে ।

No comments