Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গোৰ্খাৰ ছয়দফীয়া সমস্যা সমাধান নকৰিলে সৰ্বানন্দ সোণোৱাল চৰকাৰেঃ সংবাদ মেলত গোৰ্খা ছাত্ৰ সন্থা

ষ্টফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত গোৰ্খাসকলৰ সমস্যাসমূহ সমাধানৰ যি প্ৰতিশ্ৰুতি প্ৰ...

ষ্টফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ মাৰ্চ ঃ ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত গোৰ্খাসকলৰ সমস্যাসমূহ সমাধানৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি পূৰণত পাঁচটা বছৰে চূড়ান্ত ব্যৰ্থ হৈছে সৰ্বানন্দ সোণোৱাল চৰকাৰ। প্ৰতিশ্ৰুতি প্ৰদান কৰিও প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে বুলি আজি দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল যোগে ক্ষোভ উজাৰি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই কয়— আমাৰ ছয়দফীয়া দাবীসমূহ পূৰণ নকৰিলে। তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত গোৰ্খা সমস্যাৰ ছয়দফীয়া দাবী পূৰণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তেওঁলোকে আমাৰ দাবীসমূহ পূৰণ নকৰিলে। আমাক স্বায়ত্তশাসন নিদিলে। 

তেওঁলোকে স্বায়ত্তশাসনৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। গোৰ্খাসকলৰ ওপৰত লগোৱা ‘ডি’ ভোটাৰ সমস্যাও সমাধান নকৰিলে। ইয়াৰ বাবে আমি সোণোৱাল চৰকাৰক গৰিহণা দিছো বুলি উল্লেখ কৰি ছাত্ৰ সংগঠনটোৱে কয় যে নিৰ্বাচন এতিয়া সমাগত। আমি আমাৰ লোকক জয় কৰাব নোৱাৰিলেও পৰাজয় কৰাৰ ক্ষমতা আছে। যিসকলে আমাক গোৰ্খা স্বায়ত্তশাসন, জনজাতিকৰণ, ‘ডি’ ভোটাৰ সমস্যাৰ সমাধান কৰিব বুলি আশ্বাস দিব সেইসকলৰ পক্ষতে থিয় হ’ব পাৰো বুলি উল্লেখ কৰি ছাত্ৰ সংগঠনটোৱে আৰু কয় যে ভাতৃ দ্বিতীয়াৰ সময়ত চৰকাৰী বন্ধ দিলে যদিও আমি প্ৰাপ্য অধিকাৰ লাভৰ পৰা বঞ্চিত হৈ আছো। সাংবিধানিক সুৰক্ষা বিচাৰিছিলো যদিও আমাক সেই সুৰক্ষা নিদিলে। আজিৰ সংবাদ মেলত উপস্থিত আছিল সংগঠনটোৰ সভাপতি অৰ্জুন চেত্ৰী, সাধাৰণ সম্পাদক নুমাল চেত্ৰী, উপ-সভাপতি দিলীপ গজুৰেল আৰু কাৰ্যালয় সচিব বিকাশ শৰ্মা।

No comments