Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আসন ভাগ বটোৱাৰা কৰাৰ সময়ত ৰাইজৰ দল-অ জা পই দলৰ সাংগঠনিক বিষয় সমূহ চালি জাৰি চাওক : যোৰহাটত সংবাদমেলত দাবী ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ

 গণ বাৰ্তা, যোৰহাট, ৩ মাৰ্চঃ আমাৰ সন্মুখত এই মুহূৰ্তত উমৈহতীয়া শত্ৰু হৈছে সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপি আৰ এছ এছ। এই শক্তিয়ে অসমৰ যোগ য...


 গণ বাৰ্তা, যোৰহাট, ৩ মাৰ্চঃ আমাৰ সন্মুখত এই মুহূৰ্তত উমৈহতীয়া শত্ৰু হৈছে সাম্প্ৰদায়িক ফেচিবাদী শক্তি বিজেপি আৰ এছ এছ। এই শক্তিয়ে অসমৰ যোগ যুগৰ ঐক্য সম্প্ৰীতিত কেৱল আঘাত হানিছে এনে নহয়, অসমৰ সকলো সম্পদ বিক্ৰী কৰি অসম খনক লাওলোৱা অৱস্থা কৰিছে। নাগৰিকত্ব আইন সংশোধন কৰি বিদেশীক অসমৰ বৰ ঘৰত স্থান দিছে। এনে এক বিৰোধী , জাতিদ্রোহী শক্তিক পৰাভূত কৰাৰ বাবে এই মুহূৰ্তত শক্তিশালী আঞ্চলিক শক্তি হে সক্ষম।  এই দাবী নৱ গঠিত আঞ্চলিক দল ৰাইজৰ দলৰ। আজি যোৰহাটৰ ৰাইজৰ দলৰ কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই কথা উল্লেখ কৰি ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ কাৰ্যকৰী সভাপতি দিলীপ কুমাৰ বৰদলৈয়ে কয় যে, বিজেপি চৰকাৰে বৰ্তমান গ্ৰহণ কৰা নীতিৰ বিৰুদ্ধে সকলো এতিয়া একত্ৰিত হৈছে। এনে পৰিপ্ৰেক্ষিতত যোৰহাট জিলাৰ অন্তৰ্গত প্ৰতিটো সমষ্টিত ৰাইজৰ দলৰ শক্তিশালী সাংগঠনিক ভেটি গঢ়ি উঠিছে। অতি কম দিনৰ ভিতৰতে অভিবৰ্তন অনুষ্ঠিত কৰি যোৰহাট জিলা সমিতি খন পূৰ্ণাঙ্গ ৰূপত গঠন কৰাৰ লগতে জিলাখনৰ অন্তৰ্গত পাঁচ টা সমষ্টিত সমষ্টি সমিতি সমূহ গঠন কৰা হৈছে। যোৰহাটত ইতিমধ্যেই সমষ্টি সমিতিৰ লগতে দলৰ যুৱ কোষ, মহিলা কোষ আৰু সংখ্যালঘু কোষ সমূহ গঠন কৰা হৈছে। সাংগঠনিক ভাবে যোৰহাটৰ প্ৰতিটো পঞ্চায়ত আৰু গৰিষ্ঠ সংখ্যক  ৱাৰ্ডত ৱাৰ্ড সমিতি, বুথ সমিতি পৰ্যন্ত গঠন কৰা হৈছে। ৰাইজৰ দল যোৰহাটত নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠাৰ সময়তে আমাৰ দৃষ্টি গোচৰ হৈছে যে ইয়াত বিভ্ৰান্তিৰ সৃষ্টি কৰি ৰাইজৰ দলক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰাৰ কৌশল ৰচনা কৰিছে। সেইবাবে ৰাইজৰ দলৰ যোৰহাট জিলা সমিতি , যোৰহাট সমষ্টি সমিতি, যুৱ কোষ, মহিলা কোষ, সংখ্যালঘু কোষে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতি ৰ লগতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃবৰ্গক আহ্বান জনাওঁ যে , আসন ভাগ বটোৱাৰা কৰাৰ সময়ত যাতে দলৰ সাংগঠনিক বিষয় বোৰ চালি জাৰি চায়। কিয়নো আমি যোৰহাটত এজন নির্দিষ্ট প্ৰাৰ্থী দিব্যজ্যোতি শৰ্মাক আগত লৈ যোৱা তিনিমাহ কাম কৰি আছো। যাৰ নেতৃত্বত আমি সংগঠিত হলো তেওঁকেই আমি যোৰহাট সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব দিয়াটো বিচাৰো। কাৰণ যোৰহাট সমষ্টিটোত ৰাইজৰ দলৰ হৈ আমি সেইজন ব্যক্তিক হে বিচাৰিছোঁ যি জনে বিগত দুটা দশক যোৰহাটৰ সামাজিক ৰাজনৈতিক তথা বৌদ্ধিক জগত খনৰ লগতো সংপৃক্ত হৈ আছে। ৰাইজৰ দলৰ যোৰহাট জিলাৰ সভাপতি দিব্যজ্যোতি শৰ্মাই যোৰহাটত  ৰাইজৰ দলৰ সভাপতিৰ নেতৃত্ব লৈ কেৱল আঞ্চলিকতা বাদৰ ভেটি মজবুত কৰিছে এনে নহয়, তেওঁ কা আন্দোলনত লোৱা শক্তিশালী ভূমিকাৰ বাবেই কাৰাবাস খতিব লগীয়া হৈছে। এনে এজন ব্যক্তিয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ লগে লগে বিজেপিৰ শক্তি যে নিষ্প্ৰভ হৈ পৰিব সেইটো নিশ্চিত। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীত্ব দিয়াৰ সময়ত এইবোৰ কথা মনত নাৰাখিলে নিশ্চিতভাৱে জয়ৰ সম্ভাৱনা থকা এটা সমষ্টি হেৰুৱাব যে লাগিব সেইয়া নিশ্চিত। সেই বাবে দুয়োটা দলৰ কেন্দ্ৰীয় নেতৃত্বই বিষয় বোৰ আবেগেৰে নহয়, আঞ্চলিক ৰাজনীতি শক্তিশালী অভ্যুত্থানৰ বাবে যুক্তিৰে বিবেচনা কৰিবলৈ ৰাইজৰ দল ৰ যোৰহাট জিলা সমিতিয়ে উল্লেখ কৰে । আজিৰ এই সংবাদমেলত ৰাইজৰ দলৰ যোৰহাট সমষ্টিৰ সভাপতি মহেন্দ্ৰ কুমাৰ খনিকৰ ,সাধাৰণ সম্পাদক অভিজিত শইকীয়া, জিলা সমিতিৰ কাৰ্য্যকৰি সভাপতি দিলীপ কুমাৰ বৰদলৈ ,সাধাৰণ সম্পাদক সূৰ্য্যমোহন দাস,যুৱ কোষৰ সভাপতি মঞ্জিত বৰুৱা, সম্পাদক দেৱজিত বৰদলৈ ,মহিলা কোষৰ সভানেত্ৰী গিতাঞ্জলী বৰা,সম্পাদিকা গিতাশ্ৰী শইকীয়া ,সংখ্যালঘু কোষৰ সভানেত্ৰী চাজবিন হাজৰিকা আৰু সাধাৰণ সম্পাদক তমিজুৰ ৰহমান উপস্থিত আছিল ।  ( ঋতুৰাজ ফুকন, যোৰহাট )

No comments