Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছিপাঝাৰত কংগ্ৰেছৰ প্ৰাৰ্থী কুলদীপ বৰুৱাৰ সপক্ষে বলিছে বতাহ

গণবাৰ্তা , ছিপাঝাৰ , ২০ মাৰ্চ: দৰঙত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা ৬৬ নং ছিপাঝাৰ বিধান সভা সমষ্টিত বিজেপিত কৈ প্ৰচাৰত আগবাঢ়ি আছে কংগ্ৰেছ ...


গণবাৰ্তা , ছিপাঝাৰ , ২০ মাৰ্চ:
দৰঙত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা ৬৬ নং ছিপাঝাৰ বিধান সভা সমষ্টিত বিজেপিত কৈ প্ৰচাৰত আগবাঢ়ি আছে কংগ্ৰেছ দলৰ যুৱ প্ৰাৰ্থী কুলদীপ বৰুৱা । একমাত্ৰ ব্যক্তিত্ব তথা সহজ সৰল গুণৰ অধিকৰী হোৱা বাবেই ব্যক্তি হিচাপে কুলদীপ বৰুৱাক সমষ্টি বাসীয়ে আকোৱালি লোৱা পৰিলক্ষিত হৈছে । তদুপৰি এইবাৰ সমষ্টিটোত দলৰ পৰিৱৰ্তে প্ৰাৰ্থী চাইহে ভোটাৰসকলে গোপন ভোট সাব্যস্ত কৰিব বুলি বহুসংখ্যক ভোটাৰে অভিমত ব্যক্ত কৰিছে । প্ৰনিধানযোগ্য যে , সন্মানীয় সমষ্টিটোত ড০ পৰমানন্দ ৰাজবংশীয়ে সঘনাই দল বাগৰি বি জে পিৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে সমষ্টিবাসীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইয়াৰ সুযোগ গ্ৰহন কৰি ছিপাঝাৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত যুৱ কংগ্ৰেছী ক্ৰমে হীৰক জ্যোতি নাথ , ৰনজিৎ ৰাজবংশী , ভৱেন নাথ , জয়ন্তজান শ‌ইকীয়া , ৰনজিৎ বৰা , কৌশিক বনিয়া , প্ৰনৱ কলিতা , দীপমনিনাথ , প্ৰাঞ্জল বৰুৱা , নিৰঞ্জন নাথ আদিয়ে কুলদীপ বৰুৱাক জয়ী কৰাবলৈ উঠি পৰি লাগিছে । লক্ষনীয় যে , মিত্ৰজোটৰ প্ৰাৰ্থী হলেও পৰমানন্দ ৰাজবংশীক বি জে পি বিধায়ক বিনন্দ শ‌ইকীয়াপন্থী বি জে পি আৰু অ গ পৰ প্ৰাক্তন প্ৰভাৱশালী মন্ত্ৰী ড০ জয়নাথ শৰ্মাৰ অনুগত সকলে সহযোগ নকৰাত উৎফুল্লিত হৈ অধিক উৎসাহেৰে ৰাইজৰ মাজত সোমাই পৰিবলৈ সক্ষম হৈছে কুলদীপ বৰুৱা।ইয়াৰ চেঙেলীয়াঝাৰৰ কুমাৰপাৰাত গছে-ডালে কুলদীপ বৰুৱাৰ বেনাৰ প'ষ্টাৰ আঁৰি ভৰপূৰ কৰি তোলা পৰিলক্ষিত হৈছে।

No comments