Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বোকাখাতত ৰাজ্যৰ প্ৰথমখন মনোনয়নপত্ৰ দাখিল প্ৰাক্তন বিধায়ক জিতেন গগৈৰ। বোকাখাতত মোক কোনেও ৰোধিব নোৱাৰে-জিতেন গগৈ

গণ বাৰ্তা, বোকাখাত, ৪ মাৰ্চ: ২০২১ৰ বিধানসভা নিৰ্বাচন সমাগত ৷ বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ৰাজনৈতিক দল সমূহৰ মাজত দেখাপোৱা ...


গণ বাৰ্তা, বোকাখাত, ৪ মাৰ্চ: ২০২১ৰ বিধানসভা নিৰ্বাচন সমাগত ৷ বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে ৰাজনৈতিক দল সমূহৰ মাজত দেখাপোৱা গৈছে ব্যাপক তৎপৰতা।

আজি বোকাখাত বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ বাবে প্ৰথমখন মনোনয়ন দাখিল কৰিলে প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। ২০২১ৰ নিৰ্বাচনৰ ৰাজ্যৰ প্ৰথমখন মনোনয়ন পত্ৰ দাখিল কৰিলে বোকাখাতৰ প্ৰাক্তন বিধায়ক তথা বোকাখাত নিৰ্মাণ গোটৰ সভাপতি  জিতেন গগৈয়ে। বোকাখাত সমষ্টিৰ সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত  জিতেন গগৈয়ে বিগত সময়ত সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰি  দুটাকৈ শাসনকাল বোকাখাত সমষ্টিৰ ৰাইজৰ প্ৰতিনিধিত্ব কৰিছিল ৷  উল্লেখ্য যে, স্বাধীনতাৰ পিছৰ পৰা অনগ্ৰসৰ হৈ থকা বোকাখাত সমষ্টিৰ  উন্নয়নৰ নতুন ধাৰাৰ সৃষ্টি কৰিছিল বোকাখাত নিৰ্মাণ গোটে ৷ সঁচা অৰ্থত সমষ্টিৰ উন্নতিৰ অৰ্থ কি বোকাখাতৰ  ৰাইজে প্ৰথমবাৰ বুজি উঠিছিল তেখেতে প্ৰতিনিধিত্ব কৰাৰ সময়চোৱাত  বুলি উল্লেখ কৰি এইবাৰো বোকাখাত বাসী ৰাইজৰ আৰ্শীষ লৈ বোকাখাত নিৰ্মাণ গোটৰ সভাপতি জিতেন গগৈয়ে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ আহ্বান তথা আৰ্শীবাদ শিৰত লৈ আজি দাখিল কৰিলে মনোনয়ন পত্ৰ। বোকাখাতৰ নিৰ্মাণ গোটৰ কাৰ্যালয়ৰ পৰা বাৰেৰহণীয়া এক বৃহৎ শোভাযাত্রাৰে আহি  বোকাখাতৰ জিলা নিৰ্বাচনী বিষয়া বিপুল দাসৰ হাতত দাখিল কৰিলে মনোনয়ন পত্ৰ। নিৰ্বাচনী বিধি অনুসৰি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়লৈ পত্নী অনিমা গগৈ আৰু এগৰাকী সমৰ্থক সহ মনোনয়ন দাখিল কৰে জীতেন গগৈয়ে। মনোনয়ন জমা দি অগপৰ অতুল বৰা অন্যতম প্ৰতিদ্বন্দী হ'ব বুলি উল্লেখ কৰি লগতে নিজৰ জয় নিশ্চিত বুলি কয় প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী অথবা কংগ্ৰেছৰ ছোনিয়া গান্ধীয়ে বোকাখাতৰ পৰা প্ৰতিদ্বন্দিতা কৰিলেও "মোক কোনেও ৰোধিব নোৱাৰে" বুলি সদম্ভে ঘোষণা কৰে জিতেন গগৈয়ে। "কৰ্মই আমাৰ ধৰ্ম" মুলমন্ত্ৰ সৰোগত কৰি বোকাখাত নিৰ্মাণ গোটে আজি ২২ বছৰে বোকাখাতৰ সকলো ৰাইজৰ সকলো  সমস্যাৰ সমাধানৰ ধাৰা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি অনাগত দিনটো ৰাইজৰ হৈ মাত মাতি যাব বুলি দৃঢ়তাৰে জানিবলৈ দিয়ে বোকাখাতৰ প্ৰাক্তন বিধায়ক জীতেন গগৈয়ে ৷

No comments