গণবাৰ্তা,হটাপাৰা,৮ মাৰ্চ : আগন্তুক বিধান সভা নিৰ্বাচনত ৪১ নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ পৰা দুবাৰকৈ ইউ ডি এফ দলৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক আ...
গণবাৰ্তা,হটাপাৰা,৮ মাৰ্চ: আগন্তুক বিধান সভা নিৰ্বাচনত ৪১ নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ পৰা দুবাৰকৈ ইউ ডি এফ দলৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক আবুল কালাম আজাদক এই বেলি প্ৰাৰ্থীত্ব প্ৰদান নকৰি ফণী তালুকদাৰক ইউডিএফ দলে দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰাত সমষ্টিখনৰ বিধায়ক আবুল কালাম আজাদৰ সমৰ্থক সকলে তীব্ৰ প্ৰতিবাদ জনায় | সোমবাৰে আবেলি ৫ বজাত শুকমানাহ বজাৰ প্ৰাঙ্গণত কালামৰ সমৰ্থক সকলে ইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল, বিধায়ক হাফিজ ৰফিকুল ইছলাম, দলৰ প্ৰাৰ্থী ফণী তালুকদাৰ,আমিনুল ইছলাম আদিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে | প্ৰতিবাদকাৰী সকলে আজমল মুৰ্দাবাদ, হাফিজ ৰফিকুল ইছলাম হুচিয়াৰ ,টিকট বিক্ৰী কৰা নচলিব , আবুল কালাম জিন্দাবাদ আদি শ্লোগানেৰে শুকমানাহ বজাৰ চৌহদ উত্তাল কৰি তোলে | উক্ত কাৰ্যসূচীত প্ৰায় শতাধিক সমৰ্থকে অংশ গ্ৰহন কৰে |
No comments