Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জাজৰিত মিত্ৰজোঁটৰ প্ৰাৰ্থী আঙুৰলতাৰ হৈ নিৰ্বাচনী প্ৰচাৰ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ; গেৰুৱা বসন পিন্ধিলে প্ৰাক্তন শিক্ষা মন্ত্ৰী গৌতম বৰাই

  মুস্তাফা ছালিম আহমেদ, টুকটুকী, ২২ মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্ম স্থান বটদ্ৰৱাক অসমৰ ভিতৰতে এক জাকত জিলিকা সমষ্টি হিচাপে গ...

 


মুস্তাফা ছালিম আহমেদ, টুকটুকী, ২২ মাৰ্চঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্ম স্থান বটদ্ৰৱাক অসমৰ ভিতৰতে এক জাকত জিলিকা সমষ্টি হিচাপে গঢ়ি তোলা হব।কংগ্রেছে ইমান বছৰে শাসনত থাকি বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে যি কাম কৰিব নোৱাৰিলে,সেই কাম ৫ বছৰতে কৰি দেখুৱালে বিজেপি চৰকাৰে। এই মন্তব্য মন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ যে, আজি বটদ্ৰৱা সমষ্টি বিজেপিৰ প্ৰাৰ্থী আঙুৰলতা ডেকাৰ হৈ প্ৰচাৰ চলাবলৈ আহি এক বিশাল ৰেলীত অংশ লোৱাৰ পিচত জাজৰি ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত থকা খেলপথাৰত অনুষ্ঠিত এক নিৰ্বাচনী সভাত উপস্থিত থাকি আৰু কয় যে, বটদ্ৰৱা থানক লৈ ১৮০কোটি টকা ব্যয় সাপেক্ষে চৰকাৰে গ্রহণ কৰা সাংস্কৃতিক প্ৰকল্প সম্পূর্ণ হৈ উঠিলে বটদ্ৰৱা থান হব পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্র বিন্দু। কেৱল সেয়াই নহয়, ধিঙৰ পৰা নগাঁৱলৈ অসম মালা আঁচনি ত ৩০০ কোটি টকা ব্যয়ৰে হব লগা চাৰিলন যুক্ত পথৰো ফিটা কাটিবহি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সভাত বদৰুদ্দিন আজমলক তীব্র সমালোচনা কৰি কয়, অসমৰ মহিলা সকলক আজমলে যিমান পৰে সিমানে সন্তান জন্ম দিবলৈ কৈছে। কিন্তু মহিলা সকলটো সন্তান জন্ম দিয়া মেছিন নহয়। মহিলা সকলে সন্তান জন্ম দিব। যেতিয়া কলেজত পঢ়ি সু শিক্ষাৰে শিক্ষিত হৈ ডাক্তৰ বা ইঞ্জিনিয়াৰ হব, বা স্কুটি পাব তেতিয়া সন্তান জন্ম দিয়ক। আনহাতে কংগ্ৰেছ চৰকাৰকো সূতা_কম্বলৰ ৰাজনীতি কৰা বুলি কটাক্ষ কৰি কয়, সূতা_কম্বলৰ ৰাজনীতৰে অসম আগুৱাই নেযায়।অসম খনক আগুৱাই নিবলৈ হলে লৰা-ছোৱালীক শিক্ষিত কৰিব লাগিব। চাকৰি দিব লাগিব। উদ্যোগ স্থাপন কৰিব লাগিব বুলি হিমন্ত বিশ্ব শৰ্মাই সদম্ভে কয় ৷

No comments