Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শুকমানাহ বজাৰত ভৱানীপুৰ সমষ্টিৰ মহাজোঁটৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন

গণবাৰ্তা,হাউলী,হটাপাৰা,২৫ মাৰ্চঃ সমাগত নিৰ্বাচনত ৪১ নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ মহাজোঁটৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ নিৰ্বাচনী...


গণবাৰ্তা,হাউলী,হটাপাৰা,২৫ মাৰ্চঃ
সমাগত নিৰ্বাচনত ৪১ নং ভৱানীপুৰ বিধান সভা সমষ্টিৰ মহাজোঁটৰ এআইইউডিএফ দলৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ নিৰ্বাচনী কাৰ্যালয় বুধবাৰে সন্ধিয়া ৬ বজাত বৃহত্তৰ শুকমানাহ বজাৰত শুভ উদ্বোধন কৰে মহাজোঁট বন্ধনৰ ইউডিএফৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে | ইয়াৰ পিছত শুকমানাহ মণ্ডল কংগ্ৰেছৰ সভাপতি কাজি মুশ্বাহিদুৰ ৰহমানৰ পৰিচালনাত উদ্বোধনী সভা অনুষ্ঠিত হয় | সভাত ইউডিএফৰ কেন্দ্ৰীয় সম্পাদক তথা এডভোকেট মুন্তাজ আলী, বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তাইজুদ্দিন আহমেদ, নিজ ভৱানীপুৰ জিলা পৰিষদৰ সদস্যা ৰাসিনা সৰকাৰ ইছলাম আদিয়ে উপস্থিত থাকি সাম্প্ৰদায়িক,সংবিধান বিৰোধী, গণতন্ত্ৰ পৰিপন্থী কাম কৰা অসমৰ বিজেপি চৰকাৰক আগন্তুক ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত অসমৰ পৰা চিৰ বিদায় দিবলৈ ভোটাৰ ৰাইজক আহ্বান জনােৱাৰ লগতে সমাগত নিৰ্বাচনত মহাজোঁট বন্ধনৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰক তলা-চাবিৰ ছবিত ভোট দান কৰি বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায় | উক্ত সভাত ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থী ফনীধৰ তালুকদাৰে কয় যে, ইউডিএফ কোনো সাম্প্ৰদায়িক দল নহয় ,বৰঞ্চ ই সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ গণতন্ত্ৰ বিশ্বাসী দল | সেই হেতুকে এই দলৰ প্ৰাৰ্থীত্ব লাভ কৰি মই নিজকে সুখী বুলিও উল্লেখ কৰাৰ লগতে সমষ্টি খনৰ পৰা তেওঁ বিপুল ভোটত জয়লাভ কৰিব বুলি তেওঁ দাবী কৰে | এলেকা খনৰ প্ৰায় সহস্ৰাধিক পুৰুষ-মহিলা ভোটাৰে উক্ত সভাখনত উপস্থিত থাকে |

No comments