Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ দুই প্ৰবীন সাংবাদিকক সম্বৰ্ধনা যোৰহাট জিলা সাংবাদিক সন্থাৰ:

ষ্টাফ ৰিপৰ্টাৰ যোৰহাট , ৯ মাৰ্চ : যোৰহাটৰ দুই প্ৰবীন সাংবাদিকক আজি বিশেষ সম্বৰ্ধনা জনায় যোৰহাট জিলা সাংবাদিক সন্থাই । দৈনিক জনমভূমি কাকতৰ অ...


ষ্টাফ ৰিপৰ্টাৰ যোৰহাট , ৯ মাৰ্চ : যোৰহাটৰ দুই প্ৰবীন সাংবাদিকক আজি বিশেষ সম্বৰ্ধনা জনায় যোৰহাট জিলা সাংবাদিক সন্থাই । দৈনিক জনমভূমি কাকতৰ অৱসৰপ্ৰাপ্ত সহকাৰী সম্পাদক দেবেন্দ্ৰনাথ বৰা আৰু চেণ্টিনেল গোষ্ঠী তথা যোৰহাটৰ প্ৰবীন সাংবাদিক ললিত চন্দ্ৰ বৰাক নিজা  বাসগৃহত গৈ চেলেং, গামোচা, প্ৰতীক চিহ্ন আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় । উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা যোৰহাট জিলা সাংবাদিক সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ মুকলি সভাত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত দুই প্ৰবীন সাংবাদিক উপস্থিত থাকিব নোৱাৰাৰ বাবেই আজি সম্বৰ্ধনা জ্ঞাপন কৰে । যোৰহাট জিলা সাংবাদিক সন্থাৰ নৱগঠিত সমিতিৰ কাৰ্যকৰী সভাপতি সঞ্জীৱ দত্ত, সম্পাদক মৃদুল হাজৰিকা,‌ যুটীয়া সম্পাদক বিৰাজ বৰুৱা, সদস্যা প্ৰিয়ংকা সেনাপতি, আছুৰ যোৰহাট জিলা সমিতিৰ সভাপতি  বিজয় বৰদলৈ, সদৌ যোৰহাট জিলা টাই আহোম ছাত্ৰ সন্হাৰ সভাপতি ৰাজীৱ গগৈ, নগৰ সমিতিৰ সহকাৰীী সম্পাদক গজেন গগৈ ,সমাজকৰ্মী দুৰ্গেশ্বৰ দত্ত, অৰুণ বৰুৱা আৰু লাচিত বৰুুুৱা আজিৰ সম্বৰ্ধনা অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে । সম্বৰ্ধনা গ্ৰহণ কৰি দুয়োগৰাকী প্ৰবীন সাংবাদিকে যোৰহাট জিলা সাংবাদিক সন্থাক শলাগ জনায় । লগতে সাম্প্ৰতিক সময়ত সংবাদপত্ৰ আৰু সাংবাদিকৰ বিশ্বাসযোগ্যতা কিছু পৰিমাণে হ্ৰাস হোৱা বুলি মন্তব্য কৰে । নবীন সাংবাদিকে নিষ্ঠা আৰু সততাৰে সংবাদসেৱা কৰিবলৈ আহ্বান জনায় 


No comments