গণ বাৰ্তা, বিশেষ কলগাছিয়া ২৭ মাৰ্চ : সৰভোগ সমষ্টিৰ সংখ্যালঘু এলেকাৰ বিলাসীপাৰাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্বাহৱনাছ হুছাইনে এখন নিৰ্বাচনী ...
গণ বাৰ্তা, বিশেষ কলগাছিয়া ২৭ মাৰ্চ : সৰভোগ সমষ্টিৰ সংখ্যালঘু এলেকাৰ বিলাসীপাৰাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্বাহৱনাছ হুছাইনে এখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু চি পি আই এমৰ মহাজোটক কঠোৰ ভাষাৰে সমালোচনা কৰে। গোৱৰ্ধনা ব্লক মণ্ডলৰ উদ্যোগত আয়োজিত বিজেপিৰ নিৰ্বাচনী সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু চি পি আই এমৰ মহাজোটক কটাক্ষ কৰি কয় যে অসমত সৰ্বানন্দ সোনোৱালে কাম কৰি দেখুৱাইছে। চাৰিওফালে কেৱল উন্নয়ন উন্নয়ন। হিন্দু মুছলমানৰ মাজত কোনো কাজিয়া হোৱা নাই, কোনো বিবাদ নাই, কেৱল উন্নয়ন হৈছে, সকলোৱে শান্তিৰে বসবাস কৰিব পাৰিছে। চিপি আই এম দুনিয়াত নাই । ত্ৰিপুৰাতো খতম হৈছে । অসমতো নাই । দিল্লীত বিজেপি চৰকাৰ আছে। দিছপুৰত পুনৰ চৰকাৰ হবই আৰু সৰভোগ সমষ্টিতো পুনৰ বিজেপিৰ বিধায়ক হবই ইয়াত কোনো সন্দেহ নাই । বিজেপিৰ দিনত বিটিচিত মাৰা মাৰি, কাটা কাটি নাই। কংগ্ৰেছ বিপিএফ আহিলেহে বিটিচিত জুই জ্বলে, মাৰা মাৰি, কাটা কাটি হয় বুলি মন্তব্য কৰে। ইফালে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নিজা নিজা দলৰ প্ৰাৰ্থী নথকাত সংখ্যালঘু ভোটাৰৰ মাজত লাগিছে আউল। এই আউল লগা ভোট কোন ফালে গতি কৰিব তাকে লৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। ইফালে একাংশ সংখ্যালঘুয়ে বিজেপিৰ উন্নয়ন মুলক কাম কাজত সন্তষ্ট হৈ সৰভোগ সমষ্টিত শংকৰ চন্দ্ৰ দাসক ভোট দিয়াৰ বাবে সাজু হৈছে । একাংশ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কৰ্মী সমৰ্থকে মহাজোটৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক পচন্দ নকৰাত ভোট নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইক্ষেত্ৰত সংখ্যালঘু এলেকাত বিজেপিৰ ভোট বৃদ্ধি পোৱাৰ পুৰ্ণসম্ভাৱনা আছে । ইফালে সংখ্যাগুৰু এলেকাত চিপিএমৰ মনোৰঞ্জন তালুকদাৰতকৈ বিজেপিৰ শংকৰ চন্দ্ৰ দাসৰ পক্ষে নিৰ্বাচনী ঢৌ অধিক শক্তিশালী ৰূপে দেখা দিছে বুলি বিভিন্ন মহলত চৰ্চা চলিছে । অৱশ্যে কোনে মাৰিব শেষ হাঁহি বাতৰি লিখা সময়লৈকে ষ্পষ্ট হোৱা নাই যদিও বিজেপিৰ শংকৰ চন্দ্ৰ দাস আৰু কংগ্ৰেছ মহাজোটৰ চি পি আই এমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ মাজত তুমুল যুজ হব বুলি ধাৰণা কৰা হৈছে।
No comments