Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সেউজ জীৱন কবিতাৰ গুঞ্জন এক অনন্য প্ৰয়াস

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ৰশ্মিৰেখা সাউদ কলিতা, ১৪ মাৰ্চ : "কৃষিপামত কবিতা অনুষ্ঠান দুৰ্লভ। সভ্যতা কিমান আগুৱাই গৈছে সেইকথা কবিতা বা ...


গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ৰশ্মিৰেখা সাউদ কলিতা, ১৪ মাৰ্চ :
"কৃষিপামত কবিতা অনুষ্ঠান দুৰ্লভ। সভ্যতা কিমান আগুৱাই গৈছে সেইকথা কবিতা বা সাহিত্যইহে নিৰ্ণয় কৰে। এনে কবি সন্মিলনে সমাজখনক আগুৱাই নিয়াত আৰু সৃষ্টিশীলতা বৃদ্ধি কৰাত সহায় কৰিব। হৃদয়খন পৰিৱৰ্তন হ'লে মানুহ পৰিৱৰ্তন হ' ব, মানুহ পৰিৱৰ্তন হ'লে সমাজ পৰিবৰ্তন হ' ব। সময়ক ভালপোৱা মানুহে সমাজ ভাল পায় "- - এইদৰে মন্তব্য কৰিলে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ কৰ্মসূৰ্য ড০ শশীকান্ত শইকীয়াই । আজি সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত, ডিব্ৰুগড় জিলা কবি সন্মিলনৰ অন্তৰ্ভুক্ত ডিকম শাখা কবি সন্মিলন আৰু " সেউজ জীৱন ' ৰ যৌথ উদ্যোগত স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান সম্পন্ন হয়। সেউজ জীৱন কৃষি পামখনিৰ প্ৰাকৃতিক মনোমোহা পৰিবেশত অনন্য ৰূপত প্ৰাণ পাই উঠিল কবিতা। ডিব্ৰুগড়ৰ বকুলস্থিত পলিটেকনিকৰ সমীপতে কৃষিপাম, মীন পালন, ফুল ফলৰ নাৰ্চাৰী, বাহঁ শিল্পী আৰু প্ৰশিক্ষণ কেন্দ্ৰ হৈছে সেউজ জীৱন। এই কৃষি পামখনৰ স্বত্বাধিকাৰী দীপক বৰাৰ আমন্ত্ৰণত অনুষ্ঠিত ডিকম কবি সন্মিলনৰ সভাপতি বিপ্লৱ চৌধুৰীয়ে সভাপতিত্ব কৰা স্বৰচিত কবিতাৰ অনুষ্ঠানটিত ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, কৰ্মসূৰ্য ড০ শশীকান্ত শইকীয়া, ডিব্ৰুগড় জিলা কবি সন্মিলনৰ সভাপতি, উপ-সভাপতি একাদিক্ৰমে পবিত্ৰ গগৈ, ৰূদ্ৰ গগৈ, ডিব্ৰুগড় আৰু তিনিচুকীয়া গৃহৰক্ষী বাহিনীৰ অধিনায়ক কুলধৰ কলিতা সমল ব্যক্তি ৰূপে উপস্থিত থাকে। কৃষিৰ ক্ষেত্ৰত এক ন দিগন্তৰ সূচনা কৰা কাব্যিক মনৰ কৰ্মঠ তথা উদ্যমী যুৱক দীপক বৰাই কয়, তেওঁ মানুহক ভাল পোৱা পৰিবেশ আৰু মানুহক ভালপোৱা আত্মাবোৰ বিচাৰি ফুৰিছে। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিশিষ্ট কবি নিমিষা শইকীয়া, মঞ্জিমা গগৈ দাস, ৰশ্মিৰেখা সাউদ কলিতা, হিৰণ্য চেতিয়া, ৰীমা সেনাপতি, টুনুমণি বৰুৱা, সুকুমাৰ চেতিয়া, নৃপেন গোস্বামী, প্ৰশান্ত দত্ত, কেশৱ শইকীয়া, ৰতন শদিয়াল, বন্দিতা নেওগ, পুলক গগৈ, কবিকণ্ঠ চেতিয়া প্ৰমুখ্যে প্ৰায় অৰ্ধ শতাধিক কবিৰ কবিতাই আজিৰ অনুষ্ঠান জীপাল কৰি তোলে। অনুষ্ঠানৰ লগত সংগতি ৰাখি গৌৰীত গগৈৰ সম্পাদনাত শংকৰদেৱ ওপৰত ভিত্তি কৰি ৫০ জন কবিৰ কবিতা সন্নিৱিষ্ট কৰা "মনিকাঞ্চন" নামৰ কাব্যসংকলন খনি উন্মোচন কাৰ্যসূচীও সম্পন্ন হয় । ইয়াৰোপৰি আজিৰ অনুষ্ঠানত অসম বুক অফ ৰেকৰ্ডছ, ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হোৱা দুলীয়াজানৰ দীপক গগৈৰ অসমৰ পাতসূতা আৰু মূগাসুতাৰে নিৰ্মিত অতি মনোমোহা বিভিন্ন ধৰণৰ গহনাৰ লগতে হেমন্ত শৰ্মা, ৰমেন সোনোৱাল, ফুলেন বাইলুঙৰ হাতেৰে নিৰ্মিত বাঁহ আৰু গছৰ গুটিৰে নিৰ্মিত বিভিন্ন আ-অলংকাৰ প্ৰদৰ্শন কৰি অনুষ্ঠানৰ ৰং দুগুণে চৰোৱাত সহায় কৰে।দী পক বৰাৰ মহান উদ্দেশ্য- সকলো থলুৱা সামগ্ৰীৰে থলুৱা যুৱক যুৱতীক লগত লৈ আগবঢ়াই নিয়াৰ লক্ষ্যক ৰাইজে প্ৰশংসা কৰিছে।

No comments