Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লখিমপুৰৰ ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিত প্ৰাৰ্থী নৱ কুমাৰ দলে, পদ্মলোচন দলে আৰু সত্যজিৎ ৰেগনক বিপুল আদৰণি

  গণ বাৰ্তা বিশেষ, ৭ মাৰ্চ  :  ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপি, অগপ, উপিপিএল সমৰ্থিত প্ৰথম স্থানৰ প্ৰাৰ্থী নব কুমাৰ দলেক বগীনদী উন্ন...


 


গণ বাৰ্তা বিশেষ, ৭ মাৰ্চ  :  ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপি, অগপ, উপিপিএল সমৰ্থিত প্ৰথম স্থানৰ প্ৰাৰ্থী নব কুমাৰ দলেক বগীনদী উন্নয়ণ খণ্ডত আজি  বিপুল আদৰণি জনায়। প্ৰাক্তন মন্ত্ৰী তথা সমষ্টিটোৰ শক্তীশালী প্ৰাৰ্থী নব দলেএ বিজেপিৰ প্ৰাৰ্থিত্বলৈ সমষ্টিলৈ আহি থকাৰ পথৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ চৰাই মৰীয়া চাৰি আলি অংশত হাজাৰ হাজাৰ সমৰ্থকে আদৰণি জনায়। প্ৰাৰ্থী গৰাকীয়ে চৰাই মৰীয়া নাম ঘৰত সেৱা জনাই সাংবাদিকৰ আগত নম্ৰভাৱে বিৰুদ্ধি পাৰ্থী সকলকো নিৰ্বাচনী যুঁজলৈ শুভেচ্ছা জনায়। একেদৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী পদ্মলোচন দলেকো আদৰণি জনায়। দুয়োগৰাকী প্ৰাৰ্থীক ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোগামুখলৈকে লামুগাৱঁ, ন-আলি, কদম কছাৰী, কাকৈ, কদম, মইনাপৰা, কুলাবালি, গাগলডুবি, বগীনদী, বগীনদী মাজগাৱঁ, চৈধ্যমাইল তিনিআলি, পদুমণি, ওখমাটি, ঘাগৰ, আনন্দ, চাউলধোৱা, থেকেৰাগুৰী, উন্নয়ণ খণ্ডৰ সীমালৈকে ৰাইজ আৰু সমৰ্থকে শাৰীপাতি থিয়দি ফুলৰ মালা, গামোছা-চেলেং চাদৰ পিন্ধাই আদৰণি জনায়। সমান্তৰাল ভাৱে এজেপিৰ আৰু ৰাইজৰ দল সমৰ্থীত  প্ৰাৰ্থী সত্যজিৎ ৰেগনকো তেওৰ সমৰ্থক সকলে বগীনদীস্থিত নিৰ্বাচনী কাৰ্যালয়ত বিপুল সম্বৰ্ধনা জনায়। (ফটো আছে)।

No comments