Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিতৰ্কিত টিকট বঞ্চিত বিধায়কৰ ঘৰত হিমন্ত: মনোনয়নৰ সময়ত ৰামকৃষ্ণ ঘোষক সংঘ নিদিলে শিলাদিত্যই

  কফিল, হোজাই, ১২ মাৰ্চ: শিলাদিত্য দেৱৰ হোজাইৰ জোৰাপুখুৰীস্থিত বাসগৃহত উপস্থিত ড৹ হিমন্ত বিশ্ব শৰ্মা। পুৱা ১১: ১৫ মিনিটত হেলিকপ্টাৰ যোগে হো...

 


কফিল, হোজাই, ১২ মাৰ্চ: শিলাদিত্য দেৱৰ হোজাইৰ জোৰাপুখুৰীস্থিত বাসগৃহত উপস্থিত ড৹ হিমন্ত বিশ্ব শৰ্মা। পুৱা ১১: ১৫ মিনিটত হেলিকপ্টাৰ যোগে হোজাইৰ শংকৰদেৱ নগৰত উপস্থিত হৈ শিলাদিত্যৰ বাসভৱনত গৈ উপস্থিত হয় হিমন্ত ৷ শিলাদিত্যৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। উল্লেখ্য যে,বিজেপিৰ টিকটৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় ভাৱে নিৰ্বাচন খেলাৰ কথা আছিল শিলাদিত্যই।অৱশেষত নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত ৷যোৱাকালি শিলাদিত্যৰ বাসগৃহত উপস্থিত হৈ সিদ্ধান্ত সলনি কৰিবলৈ অনুৰোধ জনাইছিল মন্ত্ৰী পীয়ূষ হাজৰিকাই।আজি হিমন্ত বিশ্ব শৰ্মাৰে আলোচনাত মিলিত হোৱাৰ পিছত কি স্থিতি সলনি কৰে ৷ শিলাদিত্যই কয়-হিমন্ত বিশ্ব শৰ্মা, পিযুষ হাজৰিকা, দিলীপ শইকীয়া আহিছিল মোৰ ঘৰলৈ । মই কি পাম সেয়া ডাঙৰ কথা নহয়। মনত প্ৰশ্ন এটা মই জিকিম নে বিজেপিক হৰুৱাম । বিজেপিক জয়ী কৰিব লাগিব ! জিকিব গৈ যদি বিজেপি হাৰি যায় কংগ্ৰেছ জিকিব। তেতিয়া হোজাইত আজমলৰ দপদপনি বাঢ়ি যাব । আজমলৰ দপদপনি কমাব বাবে মই নিৰ্দলীয় হিচাপে প্ৰাথীত্ব আগ নবঢ়াও”- এই মন্তব্য হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ ।উল্লেখ্য যে টিকটৰ পৰা বঞ্চিত হোৱাৰ পিছত বিধায়ক শিলাদিত্যই বিজেপিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল । তাৰ পিছতেই আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধায়ক শিলাদিত্য আৰু সাংসদ দিলীপ শইকীয়াই তেওঁৰ বাসগৃহত এক সংবাদমেল অনুষ্ঠিত কৰে । ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে বিধায়ক গৰাকীয়ে । লগতে তেওঁ কয় যে ”হিন্দু আৰু হিন্দু উদ্বাস্তুৰ সুৰক্ষাৰ বাবেই মই বিজেপি ত্যাগ নকৰো। হিন্দু সুৰক্ষাৰ বাবে মই যি কৰিব লাগে কৰিম। ডিটেঞ্চন কেম্পৰ হিন্দু উদ্বাস্তু সকলক মুক্তি দিব বিজেপিয়ে।কোনো হিন্দু উদ্বাস্তুক বিদেশী হিচাপে ধৰা নহয়। হিমন্ত বিশ্ব শৰ্মাই মোক এই প্ৰতিশ্ৰুতি দিছে। মই আজিও বিজেপিতে আছো ”। "বিধায়ক হ’বৰ বাবে বিজেপিত যোগদান কৰা নাছিলো। মই নিৰ্দলীয় খেলিলে ইয়াত বিজেপি জয়যুক্ত হ’ব নোৱাৰে। তেতিয়া কংগ্ৰেছ জয়ী হ’লে আজমলৰ দপদপনি বাঢ়িব । সেয়া মই সহ্য কৰিব নোৱাৰো। হিন্দুৰ সুৰক্ষৰ বাবে মই সকলো ত্যাগ কৰিব সাজু”। এনেদৰে কয় বিধায়ক গৰাকীয়ে। সংবাদ মাধ্যমৰ আগত মন্ত্ৰী ড৹ শৰ্মাই কয় - শিলাদিত্য ডাঙৰীয়াই বিজেপি ত্যাগ নকৰে, তেওঁ অসমৰ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত থাকিব ৷ লগতে হোজাই- লামডিংতো প্ৰচাৰৰ দ্বায়িত্বত থাকিব শিলাদিত্য ৷ হিমন্তই পুনৰ কয়- শিলাদিত্য দেৱক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰা হোৱা নাই, ৰামকৃষ্ণ ঘোষকহে প্ৰাৰ্থীত্ব দিয়া হৈছে ৷ আমাৰ দলৰ প্ৰায় ১১জন বিধায়কক টিকট প্ৰদান কৰা নাই, পৰিৱৰ্তন কৰিছে, পৰৱৰ্তী সময়ত শিলাদিত্য দেৱক দলে আন দ্বায়িত্ব দিব ৷ এনেদৰে আন কেতবোৰ মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ পাছত মন্ত্ৰী গৰাকীয়ে হোজাইৰ জোৰাপুখুৰীত প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষৰ ৰেলীত অংশ লৈ আধা পথৰ পৰা পুনৰ গুৱাহাটী অবিমুখে উভতি যায়৷পৰিতাপৰ বিষয় যে, হোজাইৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত বিধায়ক শিলাদিত্যই সংঘ দিয়া নাই ইথচ প্ৰাৰ্থী গৰাকীৰ সৈতে উপস্থিত হোৱা পৰিলক্ষিত নহল ৷ আনহাতে, লামডিং সমষ্টিৰ বিজেপি প্ৰাৰ্থী শিবু মিশ্ৰই মনোনয়ন দাখিল কৰাৰ সময়তো শিলাদিত্যক দেখা নগল ৷ লামডিং, হোজাইৰ বিজেপি প্ৰাৰ্থীৰ লগতে হোজাই সমষ্টিৰ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দেৱব্ৰত সাহা, লামডিংৰ শ্বপন ক'ৰে কেইবা সহস্ৰাধিক কৰ্মী সমৰ্থকৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে ৷

No comments