ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১৩ মাৰ্চ : দৰং জিলা প্ৰশাসনে আগন্তুক বিধান সভা নিৰ্বাচন নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক তৎপৰতা চলাই আছে । সমা...
ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১৩ মাৰ্চ : দৰং জিলা প্ৰশাসনে আগন্তুক বিধান সভা নিৰ্বাচন নিকাভাৱে অনুষ্ঠিত কৰাৰ বাবে ব্যাপক তৎপৰতা চলাই আছে । সমান্তৰালভাৱে জিলা প্ৰশাসনে ভোটাৰ ৰাইজৰ মাজত বিভিন্ন সজাগতামূলক কাৰ্যসূচীও গ্ৰহণ কৰিছে । ইয়াৰ অংশ হিচাবে শনিবাৰে উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ বাকৰিত এটি প্ৰতিকী ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয় । নিৰ্বাচনত জড়িত বিষয়া - কৰ্মচাৰী কিম্বা যিকোনো নাগৰিকে উক্ত প্ৰতিকী ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ই ভি এম ত ভোটদানৰ প্ৰক্ৰিয়া সম্পৰ্কে বিতংভাৱে জানিব পাৰিব । উক্ত প্ৰতিকী ভোটগ্ৰহণ কেন্দ্ৰটোত ই ভি এম ৰ বিভিন্ন অংশ , যেনে - কন্ট্ৰ'ল ইউনিট, বেলট ইউনিট, ভি ভি পিএটি আদিও উপলব্ধ কৰা হৈছে । তদুপৰি ভোটদান প্ৰক্ৰিয়া সম্পৰ্কে ব্যাখ্যা কৰাৰ বাবে মাষ্টাৰ ট্ৰেইনাৰ বিজয় শৰ্মাৰ লগতে কে'বাগৰাকীও বিষয়া - কৰ্মচাৰীয়ে উক্ত প্ৰতিকী ভোটগ্ৰহণ কেন্দ্ৰটোত সেৱা আগবঢ়াব । দৈনিক দিনৰ এঘাৰ বজাৰ পৰা বিয়লি পাঁচ বজালৈ উক্ত আখৰা গৃহ খোলা থাকিব ।উল্লেখযোগ্য যে জিলাখনৰ চাৰিটা বিধান সভা সমষ্টিৰ সৰ্বমুঠ ১২০১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ বিপৰীতে ৫৭৬৮ গৰাকী বিষয়া- কৰ্মচাৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰশিক্ষণ ইতিমধ্যে সম্পন্ন কৰা হৈছে ।
No comments