Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কাৰবি আংলঙত ইভিএমসহ বিভিন্ন ভোট কেন্দ্ৰলৈ যাত্ৰা প'লিং আৰু প্ৰিজাইডিং বিষয়াৰ

  গণবাৰ্তা,ডিফু/বোকাজান, ৩১ মাৰ্চঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাৰবি আংলং জিলা প্ৰশাসন সম্পূৰ্ণ ৰূপে প্ৰস্তুত হৈছে ৷ ডিফু নিৰ্বাচন জিলা...


 গণবাৰ্তা,ডিফু/বোকাজান, ৩১ মাৰ্চঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কাৰবি আংলং জিলা প্ৰশাসন সম্পূৰ্ণ ৰূপে প্ৰস্তুত হৈছে ৷ ডিফু নিৰ্বাচন জিলাৰ অধীনস্থ ১৮ নং হাওৰাঘাট (জনজাতী) বিধান সভা সমষ্টি আৰু ১৯ নং ডিফু (জনজাতি) বিধান সভা সমষ্টিৰ বাবে ৩০ মাৰ্চত জিলাখনৰ ২৪০ কিল'মিটাৰ দূৰত্বৰ দুৰ্গম এলেকা আৰু ভিতৰুৱা অঞ্চলৰ ভোট কেন্দ্ৰ সমূহলৈ ইতিমধ্যে প'লিং বিষয়া আৰু প্ৰিজাইডিং বিষয়া সকলে ইভিএম আৰু নিৰ্বাচনী সামগ্ৰী সমূহলৈ গন্তব্যস্থানত অৱস্থান কৰিছে ৷ জিলাখনৰ নিৰ্বাচনী বিষয়া জিণ্টু বৰাই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি আজি প্ৰথম পৰ্যায়ত মুঠ ৪৪ টা ভোট কেন্দ্ৰৰ ১৮ নং হাওৰাঘাট সমষ্টিত ৩৩ টা আৰু ১৯ নং ডিফু বিধান সভা সমষ্টিৰ ১১ টা ভোট কেন্দ্ৰলৈ প'লিং আৰু প্ৰিজাইডিং বিষয়ৈ সকল পৰ্যাপ্ত নিৰাপত্তাৰক্ষী সহ গন্তব্যস্থান পাইছে আৰু আজি বাকী থকা ৪৫৬ টা ভোটকেন্দ্ৰলৈ পুলিং আৰু প্ৰিজাইডিং বিষয়া সকলে বিভিন্ন যানবাহনলৈ যাত্ৰা কৰিছে ৷ সম্পূৰ্ণ ক'ভিড প্ৰটকলৰ মাজত ভোটদান প্ৰক্ৰিয়া সম্পন্ন হব বুলি জানিবলৈ দিছে বিষয়া গৰাকীয়ে ৷ আনহাতে বোকাজান নিৰ্বাচনী জিলাৰ ১৭ নং বোকাজান (জনজাতি)বিধান সভা সমষ্টিৰ বাবেও ৩০ মাৰ্চত প্ৰতিকুল বতৰৰ স্বত্বেও দূৰ্গম অঞ্চললৈ ট্ৰাক আৰু বিভিন্ন বাহনেৰে ৬৭ টা ভোটকেন্দ্ৰত পুলিং বিষয়া আৰু প্ৰিজাইডিং বিষয়া সকল সুকলমে উপস্থিত হৈছে বুলি মহকুমাধিপতি বিবেক শ্যামে সাংবাদিকক জানিবলৈ দিছে ৷ ২২৮ টা ভোট কেন্দ্ৰৰ ভিতৰত ১৭ টা মহিলা পুলিং বিষয়াৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱাৰ বিপৰীতে ৪ টাক আদৰ্শ ভোট কেন্দ্ৰ হিছাপে ধৰা হৈছে বুলিও বোকাজানৰ মহকুমাধিপতি গৰাকীয়ে জানিবলৈ দিছে ৷

No comments