Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অনুশ্ৰী গোহাঁইবৰুৱাৰ চতুৰ্থখন চুটি ছবি "স্ত্ৰী"ৰ শুভ মহুৰত সম্পন্ন

গণ বাৰ্তা মৰিয়নি, ৩ মাৰ্চঃ মৰিয়নিৰ উদীয়মান চুটি ছৱি নিৰ্মাতা অনুশ্ৰী গোহাঁইবৰুৱাৰ নৱতম ছৱি 'স্ত্ৰী' ৰ শুভমূহুৰত আজি সম্পন্ন কৰা হয়...


গণ বাৰ্তা মৰিয়নি, ৩ মাৰ্চঃ
মৰিয়নিৰ উদীয়মান চুটি ছৱি নিৰ্মাতা অনুশ্ৰী গোহাঁইবৰুৱাৰ নৱতম ছৱি 'স্ত্ৰী' ৰ শুভমূহুৰত আজি সম্পন্ন কৰা হয় । এই উপলক্ষ্যে চিনামৰা ৰূপনগৰত অনুষ্ঠিত হোৱা মহুৰত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট চিকিৎসক ডাঃ দিলীপ বৰুৱাই ৷ মৰিয়নিৰ সুৰযমুখী মহিলা সমিতিৰ সম্পাদিকা নিৰু বুঢ়াগোঁহাই গগৈয়ে ধূপ প্ৰজ্বলন কৰাৰ অন্তত কেমেৰাৰ চুইচ অন কৰে ঊষা পাওগামে । চুটি ছৱিখনৰ কাহিনী আৰু পৰিচালনা অনুশ্ৰী গোহাঁইবৰুৱাৰ । মাত্ৰ তিনিটা চৰিত্ৰৰ ছবিখনত অভিনয় কৰিছে কবিতা বুঢ়াগোঁহাই, গুণগুণ আৰু আস্থাই । আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি এক হৃদয়স্পৰ্শী কাহিনীৰ ছবিখন অহা ৮ মাৰ্চত মুক্তি দিব বুলি পৰিচালিকা অনুশ্ৰী গোঁ‌হাইবৰুৱাই জানিবলৈ দিয়ে । ইয়াৰ পূৰ্বে "এম আই দা নেক্সট", "বিৰিখ", "ভয়" আদিৰ দৰে চুটি ছৱি পৰিচালনা কৰি দৰ্শকৰ সমাদৰ লাভ কৰাৰ লগতে ইউটিউব যোগে সম্প্ৰচাৰ কৰি ব্যাপক সফলতা লাভ কৰা মৰিয়নিৰ যুৱতী অনুশ্ৰী গোঁ‌হাইবৰুৱাৰ নিজা কাহিনীৰ নৱতম চুটি ছবি "স্ত্ৰী"য়েও দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰিব পাৰি । মূহুৰত অনুষ্ঠানটোত বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

No comments