Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দীৰ্ঘ বিৰতীৰ পিছত পুনৰ মুকলি হল 'একোলেণ্ড'; ডেৰ শতাধিক কৰ্মচাৰীৰ মুখত বিৰিঙিছে মুখত হাঁহি

  গণবাৰ্তা, আজাৰা, ২১ মাৰ্চ : মহানগৰীৰ দাতিকাষৰীয়া ৰাণী পাটগাঁওস্থিত 'একোলেণ্ড' পুনৰ মুকলি কৰা হল। মহমাৰী ক'ৰণা ভাইৰাছৰ সময়ছোৱাত...

 


গণবাৰ্তা, আজাৰা, ২১ মাৰ্চ: মহানগৰীৰ দাতিকাষৰীয়া ৰাণী পাটগাঁওস্থিত 'একোলেণ্ড' পুনৰ মুকলি কৰা হল। মহমাৰী ক'ৰণা ভাইৰাছৰ সময়ছোৱাত যোৱা মাৰ্চ মাহৰ পৰা বন্ধ হৈ পৰা একোলেণ্ডত প্ৰায় ডেৰ শতাধিক কৰ্মচাৰীয়ে হাহকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে একোলেণ্ডৰ ভিতৰত ব্যৱহৃত সা-সামগ্ৰী আৰু পানীভাগ ব্যৱহাৰত বিজ্ঞান সন্মত নিয়ম মানি নচলাৰ অভিযোগ আছিল। যাৰ বাবে প্ৰশাসনেও কিছু দিনলৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছিল। পৰিণতিত প্ৰায় এবছৰ বন্ধ হৈ থকাৰ পিছত পুনৰ মুকলি হল মনোৰঞ্জনৰ এই একোলেণ্ড। প্ৰায় ডেৰ শতাধিক নিয়োজিত কৰ্মচাৰীৰ মাজত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি।হৈছিল। অৱশেষত দুদিন পূৰ্বে মুকলি হোৱা একোলেণ্ডৰ আসোঁৱা সমূহ বিজ্ঞান সন্মতভাৱে সজাই পৰাই তোলাৰ চেষ্টা কৰা বুলি জানিবলৈ একোলেণ্ড কৰ্তৃপক্ষই। মুকলি কৰাৰ খৱৰ পায়ে বিভিন্ন প্ৰান্তৰ লোকসকল আহি ভিৰ কৰিলে একোলেণ্ড পাৰ্কত। একোলেণ্ডত চুইমিং পুল, চবিগৃহ, গ্লাচ ঘৰ, খেল-ধুলা, প্ৰাকৃতিক দৃশ্য আদি বিভিন্ন আমোদজনক সমাগ্ৰীৰে শিশুৰ পৰা পুৰুষ-মহিলাসকলৰ মন আপ্লুত কৰিব। বিগত সময়ছোৱাত গ্ৰীষ্ম কালীন সময়ছোৱাত একোলেণ্ড পাৰ্কত আহি সকলোৱে আহি ভিৰ কৰে বুলি একোলেণ্ড কৰ্তৃপক্ষই জানিবলৈ দিয়ে। আনহাতে বিগত বছৰত ক'ৰণা মহমাৰীৰ ফলত সমগ্ৰ ৰাজ্যত লকডাউন হোৱাৰ পৰিপেক্ষিত সকলোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু বৰ্তমান পৰিস্থিতি স্বাভাৱিক হোৱাত এনেদৰে ৰাণীস্থিত একোলেণ্ড পাৰ্কত পৰিয়ালৰ সৈতে সময় কটাই আনন্দিত হোৱা বুলিও উল্লেখ কৰে। দুদিনপূৰ্বে নতুনকৈ সজাই পৰাই লোৱা সম্পৰ্ণ কভিড প্ৰটকল নিয়ম মানি মুকলি কৰা একোলেণ্ডত পাৰ্কত দৰ্শনাৰ্থী নিচেই টাকৰ যদিও পিছলৈ দৰ্শনাৰ্থী সংখ্যা বাঢ়িব বুলি উল্লেখ কৰে একোলেণ্ড কৰ্তৃপক্ষই।

No comments