Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত উত্তাপ্ত পৰিস্থিতি, উপায়ুক্ত মুৰ্দাবাদ ধ্বনিৰে উত্তাল কাৰ্যালয় চৌহদ

গনবাৰ্তা, ডবকা ৩১মাৰ্চ : হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি দুপৰীয়া এক উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উপায়ুক্ত মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰ...


গনবাৰ্তা, ডবকা ৩১মাৰ্চ
: হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি দুপৰীয়া এক উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উপায়ুক্ত মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে নিৰ্বাচনী কামত নিয়োজিত বিষয়া কৰ্মচাৰী সকলে ।পুৱাৰ  সাত বজাৰ পৰা ১২ বজালৈকে অধিকাংশ পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে চাৰ্টিফিকেট, অন্যন্য সামগ্ৰী নোপোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পুৱাৰ পৰা দুপৰীয়া লৈকে বৰষুণৰ মাজতেই একেই ঠাইতে ঠিয় হৈ থকাৰ ফলত অস্বস্তিকৰ পৰিবেশৰ মাজত পৰি ধৰ্য্যৰ সীমা অতিক্ৰম হোৱাত জিলা উপায়ুক্ত মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ।দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহন কেন্দ্ৰলৈ যাবলৈ  নিৰ্বাচনত কৰ্মৰত বিষয়া সকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় । হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ ভোট গ্ৰহন কেন্দ্ৰলৈ যাব লগা কৰ্মচাৰী সকল পুৱা ৭ বজাত আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ত আহে যদিওঁ দিনৰ বাৰ বজালৈকে তেওঁলোকক বয় বস্তুু যোগান ধৰিব পৰা নাই প্ৰশাসনৰ ফালৰ পৰা ৷ আনকি পুৱা জলপানো তেওঁলোকক যোগান ধৰা হোৱা নাই বুলি অভিযোগ কৰি ক্ষোভিত হৈ পৰে বিষয়া সকলে৷ যাৰ বাবে এক বিশৃংখৱল পৰিবেশৰ সৃষ্টি হয়, হোজাই জিলা উপায়ুক্ত মুৰ্দাবাদ ধ্বনিৰে উত্তাপ্ত  কৰি তোলে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ।  পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে অভিযোগ কৰা মতে হোজাই জিলাত নিৰ্বাচন বিভাগত সম্পুৰ্ণ অৰাজকতা চলি আছে।নিয়মশৃংখলা এক প্ৰকাৰ নাই বুলি মন্তব্য কৰি কয় যে পুৰ্বে আমি এনেধৰণৰ পৰিবেশ কেতিয়াও দেখা নাই আৰু পোৱা নাই, তিনিদিন ট্ৰেনিং কৰিছো যদিও চাহ বাদে আমাক একো দিয়া নাছিল, বহু কষ্টৰে ট্ৰেনিং কৰিবলগীয়া হৈছিল, আজি ভোট কেন্দ্ৰলৈ যাবলৈ আহি আমাৰ পুনৰ দুৰ্গতি আৰাম্ভ হৈছে।  একাংশ পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে অভিযোগ কৰি কয় যে ওচৰৰে নগাওঁ জিলাত একোজন প্ৰিজাইডিং বিষয়াক  যদি মাননি হিচাপে 2650 টকা দিয়াৰ বিপৰীতে হোজাইত দিয়া হৈছে মাত্ৰ 950 টকাহে। সেইদৰে একোজন প'লিং বিষয়াক মাত্ৰ 650 টকাকৈ দিয়া হৈ আছে কাৰনটো কি বুলি প্ৰশ্ন উত্থাপন কৰে। হোজাই, যমুনামুখ আৰু লামডিঙ সমষ্টিত মুঠ ৯৯২ টা পলিং ষ্টেচনৰ লগতে  ৯৭৬ জন পুৰুষ প্ৰিজাইডিং বিষয়া আৰু ১৬ জনী মহিলা প্ৰিজাইডিং বিষয়া, পুৰুষ পলিং বিষয়া ২৯২৮ জনক লগতে ৪৮ গৰাকী মহিলা পলিং বিষয়া নিয়োগ কৰা হৈছে বুলি জনসংযোগ বিষয়াই বিবৃতি যোগে জানিবলৈ দিয়ে।জিলা প্ৰশাসনৰ চৰম হেমাহীৰ বাবেই সন্ধিয়া পৰ্যন্ত বহু ভোটগ্ৰহন কেন্দ্ৰৰ বিষয়া সকল জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা নিজ নিজ গন্তব্য স্থানলৈ যাবলৈ সক্ষম হোৱা নাই। হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ত আজি দুপৰীয়া এক উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । উপায়ুক্ত মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে নিৰ্বাচনী কামত নিয়োজিত বিষয়া কৰ্মচাৰী সকলে ।পুৱাৰ সাত বজাৰ পৰা ১২ বজালৈকে অধিকাংশ পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে চাৰ্টিফিকেট, অন্যন্য সামগ্ৰী নোপোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পুৱাৰ পৰা দুপৰীয়া লৈকে বৰষুণৰ মাজতেই একেই ঠাইতে ঠিয় হৈ থকাৰ ফলত অস্বস্তিকৰ পৰিবেশৰ মাজত পৰি ধৰ্য্যৰ সীমা অতিক্ৰম হোৱাত জিলা উপায়ুক্ত মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ।দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহন কেন্দ্ৰলৈ যাবলৈ নিৰ্বাচনত কৰ্মৰত বিষয়া সকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয় ।হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ ভোট গ্ৰহন কেন্দ্ৰলৈ যাব লগা কৰ্মচাৰী সকল পুৱা ৭ বজাত আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ত আহে যদিওঁ দিনৰ বাৰ বজালৈকে তেওঁলোকক বয় বস্তুু যোগান ধৰিব পৰা নাই প্ৰশাসনৰ ফালৰ পৰা ৷ আনকি পুৱা জলপানো তেওঁলোকক যোগান ধৰা হোৱা নাই বুলি অভিযোগ কৰি ক্ষোভিত হৈ পৰে বিষয়া সকলে৷ যাৰ বাবে এক বিশৃংখৱল পৰিবেশৰ সৃষ্টি হয়, হোজাই জিলা উপায়ুক্ত মুৰ্দাবাদ ধ্বনিৰে উত্তাপ্ত কৰি তোলে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ। পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে অভিযোগ কৰা মতে হোজাই জিলাত নিৰ্বাচন বিভাগত সম্পুৰ্ণ অৰাজকতা চলি আছে।নিয়মশৃংখলা এক প্ৰকাৰ নাই বুলি মন্তব্য কৰি কয় যে পুৰ্বে আমি এনেধৰণৰ পৰিবেশ কেতিয়াও দেখা নাই আৰু পোৱা নাই, তিনিদিন ট্ৰেনিং কৰিছো যদিও চাহ বাদে আমাক একো দিয়া নাছিল, বহু কষ্টৰে ট্ৰেনিং কৰিবলগীয়া হৈছিল, আজি ভোট কেন্দ্ৰলৈ যাবলৈ আহি আমাৰ পুনৰ দুৰ্গতি আৰাম্ভ হৈছে। একাংশ পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে অভিযোগ কৰি কয় যে ওচৰৰে নগাওঁ জিলাত একোজন প্ৰিজাইডিং বিষয়াক যদি মাননি হিচাপে 2650 টকা দিয়াৰ বিপৰীতে হোজাইত দিয়া হৈছে মাত্ৰ 950 টকাহে। সেইদৰে একোজন প'লিং বিষয়াক মাত্ৰ 650 টকাকৈ দিয়া হৈ আছে কাৰনটো কি বুলি প্ৰশ্ন উত্থাপন কৰে। হোজাই, যমুনামুখ আৰু লামডিঙ সমষ্টিত মুঠ ৯৯২ টা পলিং ষ্টেচনৰ লগতে ৯৭৬ জন পুৰুষ প্ৰিজাইডিং বিষয়া আৰু ১৬ জনী মহিলা প্ৰিজাইডিং বিষয়া, পুৰুষ পলিং বিষয়া ২৯২৮ জনক লগতে ৪৮ গৰাকী মহিলা পলিং বিষয়া নিয়োগ কৰা হৈছে বুলি জনসংযোগ বিষয়াই বিবৃতি যোগে জানিবলৈ দিয়ে।জিলা প্ৰশাসনৰ চৰম হেমাহীৰ বাবেই সন্ধিয়া পৰ্যন্ত বহু ভোটগ্ৰহন কেন্দ্ৰৰ বিষয়া সকল জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা নিজ নিজ গন্তব্য স্থানলৈ যাবলৈ সক্ষম হোৱা নাই।

No comments