যোৰহাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চি আই টি ইউৰ প্ৰতিবাদী শোভাযাত্ৰা ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৫ মাৰ্চ : ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ...
যোৰহাটত মূল্যবৃদ্ধিৰ বিৰুদ্ধে চি আই টি ইউৰ প্ৰতিবাদী শোভাযাত্ৰা
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ৫ মাৰ্চ : ইন্ধনজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে যোৰহাটত চি আই টি ইউ ৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদকাৰী সকলে যোৰহাট নগৰৰ চি আই টি ইউৰ কাৰ্যলয়ৰ পৰা নগৰৰ মূল পথত শোভাযাত্ৰা কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বার্তাত সংগঠনটোৱে উল্লেখ কৰে যে নিত্য প্ৰয়োজনীয় বয়-বস্তুৰ লগতে পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ অভূতপূৰ্ব মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদী আৰু বিক্ষোভ কাৰ্যসূচীৰ অংশ হিচাপে চি আই টি ইউ ৰ সদস্য সকলে বিষ্টুৰাম বৰুৱা হলৰ সমীপৰ চি আই টি ইউৰ জিলা কাৰ্যালয়ত সমবেত হৈ এখন প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতেই দুই শতাধিক লোকৰ অংশগ্ৰহণেৰে বৰুৱা চাৰিআলিলৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। প্ৰতিবাদকাৰীসকলে 'নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক', 'পেট্ৰ' পণ্যৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা বিজেপি চৰকাৰ মুর্দাবাদ', 'ঔষধৰ হোৰাহোৰে মূল্যবৃদ্ধি হৈছে কিয়', 'বিজেপি চৰকাৰ জবাব লাগে জবাব দিয়ক', 'মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা বিজেপি চৰকাৰক এইবাৰ নিৰ্বাচনত বিদায় দিয়ক' আদি বিভিন্ন শ্লগানেৰে যোৰহাটৰ ৰাজপথ উত্তাল কৰি তোলে। আজিৰ এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সকলো অংশৰ ৰাইজক সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান জনোৱা হয় আৰু আগন্তুক অসম বিধানসভা নিৰ্বাচনত মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা বিজেপি চৰকাৰক পৰাস্ত কৰাৰ আহ্বান জনোৱা হয়। সৰ্বসাধাৰণ ৰাইজক বৰ্তমান মূল্যবৃদ্ধিয়ে একেবাৰে জুৰুলা কৰি পেলোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ চি আই টি ইউ ৰ আন্দোলনে যথেষ্ঠ তাৎপৰ্য বহন কৰিছে।
No comments