Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজুলীৰ দুই মহিলালৈ মুম্বাইস্থিত ডিভাইন ৱেলফেয়াৰ অৰগেনাইজেছনৰ নাৰী শক্তি বঁটা

পৰাণজ্যোতি বৰা, মাজুলী ১১মাৰ্চ : শিক্ষা, সমাজ আৰু ক’লা সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে মাজুলীৰ দুগৰাকী মহিলালৈ মুম্বাই স্থিত ডিভাইন অৰ...


পৰাণজ্যোতি বৰা, মাজুলী ১১মাৰ্চ
: শিক্ষা, সমাজ আৰু ক’লা সংস্কৃতিৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে মাজুলীৰ দুগৰাকী মহিলালৈ মুম্বাই স্থিত ডিভাইন অৰগেনাইজেছনে নাৰীশক্তি গৌৰৱ বঁটা আগবঢ়ায়৷ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি সংগঠনটিৰ দ্বাৰা গুৱাহাটীত অনুস্থিত নাৰী দিৱসৰ এখনি জনসভাত অৱসৰ প্ৰাপ্ত বিশিষ্ট শিক্ষয়িত্ৰী, সমাজকৰ্মী যোগ পতিয়সী দলী বৰুৱা আৰু শিল্পী সমাজ কৰ্মী শ্ৰীমতী কৰুনা শইকীয়ালৈ সংগঠন টিয়ে এই বঁটা আগবঢ়াই৷ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত প্ৰদীপ কুমাৰ ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত সভাত বঁটা প্ৰদান কৰি মহিলা দুগৰাকীৰ সেৱাৰ চমু আলোকপাত কৰে৷ মহিলাসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত সংগঠনটিয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে৷ উক্ত সভাত মুম্বাই স্থিত অসম সাহিত্য সভাৰ সভাপতি শ্ৰীযুতা হিৰণ্য ভূঞা, বিশিষ্ট কবি প্ৰতিভা দেৱী, শিল্পী সীমা বিশ্বাস, স্বপ্নালী কাকতি, হৃদয় ৰঞ্জন দাস প্ৰদীপ কুমাৰ শৰ্মা প্ৰমুখ্যে ভালে কেইগৰাকী সমাজকৰ্মী, শিল্পী সাহিত্যিক উপস্থিত থাকে৷ মাজুলীৰ দুয়োগৰাকী মহিলাক মুম্বাই স্থিত সংগঠনটিৰ হৈ অসম ৰাজ্যিক সমিতিৰ তৰফৰ পৰা সেই সন্মান প্ৰদান কৰে দুই গৰাকী মহিলাৰ লগতে বঁটা প্ৰদানকাৰী সংগঠনটিলৈ মাজুলীবাসীয়ে কৃতজ্ঞতা আৰু আদৰণি জনাইছে৷

No comments