Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গোসাঁইগাঁৱত আব্দুল ছামাদ চৌধুৰীলৈ মুকলি সমৰ্থন নেচনেল ৰোড মেপ পাৰ্টিৰ মনোনীত প্ৰাৰ্থী ছাইদুৰ ইছলামৰ

গণ বাৰ্তা, গোসাঁইগাঁও ,৩০ মাৰ্চঃ অসম বিধানসভাৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজতে আৰু কেইটামান দিন বাকী থকা অৱস্থাত ২৮ নং গোসাঁইগাঁও ...


গণ বাৰ্তা, গোসাঁইগাঁও ,৩০ মাৰ্চঃ অসম বিধানসভাৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজতে আৰু কেইটামান দিন বাকী থকা অৱস্থাত ২৮ নং গোসাঁইগাঁও বিধান সভা সমষ্টিৰ নিৰ্বাচনী বতাহ ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে।সমষ্টিটোত থিয় দিয়া অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী আব্দুল ছামাদ চৌধুৰীক মঙ্গলবাৰে মুকলিকৈ সমৰ্থন আগবঢ়ায় সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰা দি নেচনেল ৰ'ড মেপ পাৰ্টীৰ অব ইণ্ডিয়াৰ মনোনীত আন এগৰাকী প্ৰাৰ্থী ছাইদুৰ ইছলামে। সকলো জাতি- জনগোষ্ঠীৰ সমৰ্থন লাভ কৰা যুৱনেতা আব্দুল ছামাদ চৌধুৰীৰ কাম-কাজৰ প্ৰতি আকৃষ্ট হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ইছলামে মঙ্গলবাৰে গোসাঁইগাঁৱত আয়োজিত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰে । তেওঁ আৰু কয় যে, একেৰাহে তিনিবাৰকৈ ২৮নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছে বিপিএফ দলৰ মাজেন্দ্র নাৰ্জাৰী। কিন্তু দুৰ্ভাগ্যজনক কথা যে বিভিন্ন সমস্যাৰে জৰ্জৰিত সমষ্টিবাসীৰ সমস্যা সমূহকলৈ বিধায়কগৰাকী বিধান সভাত যি ধৰণে সৰব হব লাগিছিল সেয়া দেখা নগল। শিক্ষা, চিকিৎসা, কৃষি, যাতায়তকে ধৰি নিৱনুৱা সমস্যা আদি সকলো ক্ষেত্ৰত সমষ্টিৰ ৰাইজে জীয়াতু ভুগিব লগীয়া হৈছে। আজিও সমস্যা সমস্যা হৈয়ে ৰ'ল । আনকি সমষ্টি উন্নয়নৰ বাবে  চৰকাৰে যোগান ধৰা পুঁজিৰো সদ-ব্যৱহাৰ নোহোৱাৰ লগতে স্বজন-তোষণৰ নীতিৰ বাবেই সম্প্ৰতি বিপিএফ দল আৰু ৰাইজৰ মাজত ব্যৱধানৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি তেওঁ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ যুৱনেতা আব্দুল চামাদ চৌধুৰীক ভোট দান কৰি জয়যুক্ত কৰাৰ বাবে সমষ্টিবাসী অবড়ো ৰাইজক আহ্বান জনায় চাইদুৰ ইছলামে।  সংবাদমেলত অবড়ো সুৰক্ষা সমিতিৰ সভাপতি ললিত হেমব্ৰমে সংবাদ মেলখনত কয় যে এইবাৰ গোসাঁইগাঁও বিধান সভা সমষ্টিত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হব। সমষ্টিবাসীৰ ৰাইজৰ প্ৰাৰ্থী আব্দুল ছামাদ চৌধুৰীৰ প্ৰতি আস্থা দেখি আমি কব পাৰোঁ যে এইবাৰ আব্দুল ছামাদ চৌধুৰীৰ নিশ্চিত বুলি কব পাৰি। তেওঁ  অবড়ো জনসাধাৰণক এবাৰৰ বাবে প্ৰাৰ্থী আব্দুল ছামাদ চৌধুৰীক বিধানসভালৈ নিৰ্বাচিত কৰি ৰাইজক সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে আহ্বান জনায় । সভাত অবড়ো সুৰক্ষা সমিতিৰ জিলা সমিতিৰ সভাপতি আমজাদ আলী তালুকদাৰও উপস্থিত থাকে।   ( মিজানুৰ ৰহমান, গোসাঁইগাঁও  )

No comments