Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত ফ্লায়িং স্কোৱাডে জব্দ কৰে ৬ লক্ষ্যাধিক টকা

গণবাৰ্তা বিশেষ, যোৰহাট::  আগন্তুক নিৰ্বাচনৰ প্ৰাক ক্ষণত ৰাজ্যৰ প্ৰতিখন জিলাতে অধিক জোৰদাৰ কৰি তোলা হৈছে ফ্লায়িং স্কোৱাডৰ তালাচী অভিযান| বিভি...


গণবাৰ্তা বিশেষ, যোৰহাট::  আগন্তুক নিৰ্বাচনৰ প্ৰাক ক্ষণত ৰাজ্যৰ প্ৰতিখন জিলাতে অধিক জোৰদাৰ কৰি তোলা হৈছে ফ্লায়িং স্কোৱাডৰ তালাচী অভিযান| বিভিন্ন স্থানত নগদ টকা উদ্ধাৰ হোৱাৰ পিছতে আজি পুৱাই যোৰহাটত উদ্ধাৰ হয় ৫ লাখ টকা| জানিব পৰা মতে এ এছ ০৩ এইছ ০১৬৯ নম্বৰৰ এখন ৱেগনাৰ গাড়ীত অৰূপ কুমাৰ বৰুৱা নামৰ এজন ব্যক্তিয়ে আনিছিল বৃহৎ পৰিমানৰ নগদ ধনৰাশি| ফ্লায়িং স্কোৱাডৰ তালাচীত গাড়ীৰ পৰা টকা সমূহ উদ্ধাৰ হোৱা পিছতে তীব্ৰ চাঞ্চল্য সৃষ্টি হয় জিলা খনত| তালাচী সময়ত বৰুৱাই নগদ ধনৰ বিপৰীতে প্ৰয়োজনীয় নথি পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰা বাবে আৰক্ষীয়ে সমূদায় ধন জব্দ কৰে| পৰৱৰ্তী সময়ত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বৰুৱাই তেওঁৰ পানীচকুৱাস্থিত ইটা ভাটাৰ শ্ৰমিকৰ মজুৰিৰ বাবে নগদ ধন আনিছিল বুলি মন্তব্য কৰে| প্ৰায় ৬ মাহৰ হিচাপ নিকাচ কৰিবলৈ থকাৰ বাবে বৃহৎ পৰিমানৰ ধন ৰাশি আনিছিল বুলি কয় বৰুৱাই| ইফালে যোৱানিশাও এখন গাড়ীৰ পৰা বিজিত পাল কুতু পাল আৰু মন্টু কুমাৰ দাস নামৰ তিনিজন ব্যক্তিৰ পৰা ১ লাখ ১৮ হাজাৰ টকা জব্দ কৰে ফ্লায়িং স্কোৱাদে| ইয়াৰ পিছতে এতিয়া জিলা খনত অধিক তীব্ৰতৰ কৰা হৈছে তালাচী অভিযান|

No comments