চাজিদ হুছেইন, তিতাবৰ, ১৪ মাৰ্চ : তিতাবৰৰ ২০০ বছৰ গৰকা ঐতিহাসিক বুঢ়া মছজিদৰ নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা ৰ্স্থাপন কৰা হয়। এই অনুষ্ঠানত উপস্থ...
চাজিদ হুছেইন, তিতাবৰ, ১৪ মাৰ্চ: তিতাবৰৰ ২০০ বছৰ গৰকা ঐতিহাসিক বুঢ়া মছজিদৰ নতুন ভৱন নিৰ্মাণৰ আধাৰশিলা ৰ্স্থাপন কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে শিৱসাগৰ দ্বিনী মাদ্ৰাছাৰ শেইখ উল হাদিছ হজৰত মৌলানা মুফটি কাৰি কমৰুদ্দিন আল কাচিমি, মেলামাতি ইছলামীয়া মাদ্ৰাছাৰ অধ্যক্ষ মৌলানা আব্দুল হক আল কাচিমি, মেলামাটি হাফিজিয়া মাদ্ৰাছাৰ অধ্যক্ষ মহম্মদ ইনামূল হুদা আল কাছিমি তথা তিতাবৰ বুঢ়া মছজিদৰ ইমাম,বুঢ়া মছজিদ জামাতৰ পৰিচালনা সমিতিৰ সভাপতি,সম্পাদককে ধৰি সকলো সদস্য তথা জামাতৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ লগতে যুৱক সকলৰ উপস্থিতিত আজি নতুন মছজিদ ভৱন নিৰ্মাণাৰ্থে প্ৰথমটি খুটাৰ আধাৰশিলা স্থাপন কৰা হয়। পৰিচালনা সমিতিয়ে আমাক জানিবলৈ দিয়া মতে অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ পৰা ১০ লাখ টকাৰ সাহায্য পোৱাৰ উপৰিও জামাতৰ ব্যক্তি সকলৰ দান বৰঙণি, তথা বিভিন্ন সুভাকাংক্ষী ৰাইজৰ সহায় সহযোগিতাৰে নতুন মছজিদ গৃহৰ নিৰ্মাণ কাৰ্যসূচী আৰম্ভনি কৰিছে।শুক্ৰবাৰে জুম্মা নামাজৰ পাছতে সকলো ৰাইজৰ উপস্থিতিত সমূহীয়া ভাৱে দুৱা কৰি এই মাঙ্গলিক কাৰ্য্যৰ শুভাৰম্ভণি কৰা হয়।
No comments