Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

৬৩ নং চাপাগুৰি সমষ্টিত ইউ জি ব্ৰহ্মৰ নিৰ্বাচনী প্ৰচাৰত বিটিআৰ চীফ প্ৰমোদ বড়ো

  গণ বাৰ্তা , জালাহ , ২৯ মাৰ্চ :  ৰাজ্যত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে নামনি অসমত । তৃত...

 


গণ বাৰ্তা , জালাহ , ২৯ মাৰ্চ:  ৰাজ্যত ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হৈছে আৰু এতিয়া নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে নামনি অসমত । তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া বিটিআৰৰ অন্তৰ্গত ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিত মিত্ৰজোটৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মৰ হৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় আৰু কেবাখনো ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । কালি বাক্সা জিলাৰ ভোটেপোৱাবৰীত ১২১ সংখ্যক দৌল মহোৎসৱত অনুষ্ঠিত এক সভাত ইউ জি ব্ৰহ্মৰ সৈতে উপস্থিত থাকে প্ৰমোদ বড়ো । প্ৰমোদ বড়োৱে কয় যে বিপিএফৰ এতিয়া কাম নাই, বিপিএফ দলে এখনো আসন দখল কৰিব নোৱাৰে । হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰে চলাই অহা দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু বিভিন্ন জাতি জনগোষ্ঠীক কৰা প্ৰত্যুত্তৰত ৰাইজে বিপিএফক বিদায় দিছে, কেইদিনমান সংবাদ মাধ্যমত কেৱল বিপিএফ জীয়াই থাকিব তাৰপিছত অতীত হৈ যাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে । বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰেই চৰকাৰ গঠন হব বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে । আনহাতে ইউ পি পি এল ৰ প্ৰাৰ্থী ইউ জি ব্ৰহ্মই বিটিআৰত স্থায়ী শান্তি প্ৰতিষ্ঠা, সমন্বয় আৰু উন্নয়নক মূল ইছ্যু হিচাপে লৈ এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে বুলি কয় আৰু মিত্ৰজোটেই চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে ইউ জি ব্ৰহ্মই । তেওঁ সমষ্টিটোৰ নাওঁশালী , শিমলা গ্ৰাম্য ষ্টেডিয়ামত অনুষ্ঠিত নিৰ্বাচনী সভাটো অংশগ্ৰহণ কৰে ।

No comments