Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মুখ্যমন্ত্ৰীৰ গৃহ চহৰত গৃহৰক্ষী বাহিনীৰ দুদিনীয়া অসহযোগ কাৰ্যসূচী

  গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০২ মাৰ্চ : গৃহৰক্ষী বাহিনীয়ে হুংকাৰ দিছে, প্ৰাপ্য নাপালে বিৰত থাকিব ভোট প্ৰদানৰ কৰ্ত্তব্যৰ পৰা। ডিব্ৰুগড়ত সদৌ ...

 


গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০২ মাৰ্চ: গৃহৰক্ষী বাহিনীয়ে হুংকাৰ দিছে, প্ৰাপ্য নাপালে বিৰত থাকিব ভোট প্ৰদানৰ কৰ্ত্তব্যৰ পৰা। ডিব্ৰুগড়ত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ অসহযোগ আন্দোলন কাৰ্যসূচী পালন ১ মাৰ্চ আৰি ২ মাৰ্চ তাৰিখে। কৰ্মবিৰতী কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গৃহচহৰ ডিব্ৰুগড়ত হুংকাৰ দিছে, " আমাক চাকৰি নিয়মীয়া নকৰিলে এইবাৰ আমি নিৰ্বাচনী সময়ত কাম বন্ধ কৰিম"। উল্লেখ্য যে, ১৯৪৭ চনৰ গৃহৰক্ষী আইনখন সংশোধন কৰি অসমৰ গৃহৰক্ষী জোৱান সকলক চাকৰি নিয়মীয়াকৰণ কৰাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি গৃহৰক্ষী জোৱানসকলৰ মাহিলী দৰমহা ২১ হাজাৰ কৰা,জোৱানসকলৰ চিকিৎসা ব্যৱস্থা, মাতৃকালীন চিকিৎসা ব্যৱস্থা আদি কৰি মুঠ ৮টা দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰই অতি দুখেৰে প্ৰকাশ কৰিলে, "এখন ঘৰ চলাবলৈ কিমান অসুবিধা হয় সেইকথা বৰ্তমানৰ শাসনাধিস্থ চৰকাৰে অনুভৱ নকৰিলে। পাঁচ বছৰে দিম দিম বুলি কথা দি কথা নাৰাখিলে কিয় বুলিও প্ৰশ্ন কৰিলে।ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী জোৱানক চৰকাৰে বুৰ্বক সজালে বুলিও ক্ষোভ উজাৰিলে।

No comments