Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰথম-দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ তালিকা চূড়ান্ত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মাৰ্চ ঃ সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাই প্ৰায় চূড়ান্ত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। কংগ্ৰেছৰ কেন্দ্ৰীয় ¦ক্...


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মাৰ্চ ঃ সকলো ধৰণৰ জল্পনা-কল্পনাৰ অন্ত পেলাই প্ৰায় চূড়ান্ত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা। কংগ্ৰেছৰ কেন্দ্ৰীয় ¦ক্ৰীনিং কমিটীৰ বৈঠকত কংগ্ৰেছে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিছে। ইতিমধ্যে বিটিআৰৰ ১২টা সমষ্টিত মহাজোঁটৰ অংশীদাৰ দল বিপিএফক এৰি দিছে কংগ্ৰেছে। এআইইউডিএফ দলক কংগ্ৰেছে এৰি দিছে ২১ টা সমষ্টি। চিপিআইএমক সৰভোগ আৰু ৰঙিয়া এৰি দিয়াৰ লগতে মৰিগাঁৱৰ সমষ্টি মহাজোঁটৰ অংশীদাৰ দল চিপিআইক এৰি দিয়া হৈছে। বিহালী সমষ্টিত চিপিআইএমক এৰি দিয়া হৈছে। আঞ্চলিক গণ মৰ্চাই দিছপুৰ, বোকাখাত আৰু বটদ্ৰৱা সমষ্টি বিচাৰিছে যদিও দুটা সমষ্টি এৰি দিয়াৰ সম্ভাৱনা আছে। মূলতঃ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটে ইতিমধ্যে চূড়ান্ত কৰিছে প্ৰাৰ্থী তালিকা। সমান্তৰালভাৱে আজি নিশাৰ ভাগলৈকে হোটেলত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ ¦ক্ৰীনিং কমিটীৰ বৈঠকত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হয়। 

কাইলৈৰ ভাগত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি সভাপতি ৰিপুন বৰাই সাংবাদিকৰ আগত জানিবলৈ দিয়ে। জানিব পৰা মতে এআইইউডিএফ দলে ১৬টা সমষ্টিত প্ৰত্যক্ষভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৩টা সমষ্টিত কংগ্ৰেছ, ইউডিএফে বন্বুূত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কংগ্ৰেছৰ দখলত থকা ধিং, জনীয়া আৰু বাঘবৰ সমষ্টিত দুয়োটা দলে বন্বুূত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় ¦ক্ৰীনিং কমিটীয়ে চামগুৰি সমষ্টিত ৰকিবুল হুছেইন, সৰুপথাৰ সমষ্টিত ৰ’জলীনা তিৰ্কী, খুমটাই সমষ্টিত বিস্মিতা গগৈৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে। একেদৰে যোৰহাট সমষ্টিত ৰাণা গোস্বামী, মাজুলী সমষ্টিত ৰাজীৱ লোচন পেগু, মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী, আমগুৰি সমষ্টিত অংকিতা দত্ত, নাজিৰা সমষ্টিত দেৱব্ৰত শইকীয়া, মাহমৰা সমষ্টিত সুৰজ দিহিãীয়া, ৰূপহীহাটত নুৰুল হুদা, থাওৰা সমষ্টিত সুশান্ত বৰগোহাঁই, বিহপুৰীয়া সমষ্টিত ভূপেন বৰা, লখিমপুৰ সমষ্টিত ঘন বৰগোহাঁইযজয়প্ৰকাশ, ঢকুৱাখনাত ভৰত নৰহ, মৰাণ সমষ্টিত প্ৰাঞ্জল ঘাটোৱাৰ, লাহোৱালত পৃথিৱী মাঝি, দুলীয়াজানত ধ্ৰু¸ৱ গগৈ, টিংখাঙত এতোৱা মুণ্ডা, নাহৰকটীয়াত প্ৰণতি ফুকন, ডুমডুমাত দুৰ্গা ভূমিজ, ডিগবৈত গৌতম ধানোৱাৰ, ধলাইত সুস্মিতা দেৱ, বৰছলাত আৰ পি শৰ্মা, চতিয়াত দাদুল বৰকাকতি, ধেমাজিত শৈলেন সোণোৱাল, টীয়কত পল্লৱী গগৈযতৃষ্ণা গগৈ, সোণাৰিত উৎপল বৰা, অনুজ বৰকটকীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে অগপৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত আৰু কমলপুৰৰ বিধায়ক সত্যব্ৰত কলিতাই কংগ্ৰেছৰ সৈতে যোগাযোগ চলোৱা বুলি জানিব পৰা গৈছে। ৰিপুন বৰাই সাংবাদিকৰ আগত জানিবলৈ দিয়া অনুসৰি এটা নতুন ৰাজনৈতিক দলে কংগ্ৰেছৰ সৈতে যোগাযোগ কৰিছে। ইতিমধ্যে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ মহন্তৰ নেতৃত্বত পুনৰ মূৰ দাঙি উঠিছে ‘অগপ (প্ৰগতিশীল)’ ৰাজনৈতিক দেল। এই নতুন আঞ্চলিক দলটোৱে কংগ্ৰেছৰ সৈতে আলোচনা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনকি কমলপুৰ সমষ্টিৰ পৰাও সত্যব্ৰত কলিতাই কংগ্ৰেছৰ টিকট বিচাৰিছে বুলি জানিব পৰা গৈছে। ইপিনে ঢকুৱাখনাৰ টিএমপিকেৰ প্ৰাক্তন উপ-সভাপতি পদ্মলোচন দলেই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছে। দলেৰ এই যোগদানে ঢকুৱাখনাৰ ৰাজনীতিৰ পট-পৰিৱৰ্তন ঘটাইছে। ইপিনে অগপ আৰু বিজেপিৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ এতিয়া বিৰোধী দল কংগ্ৰেছে সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব নে নাই সেয়া লক্ষণীয় হ’ব।

No comments