Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজুলীত মূখ্যমন্ত্ৰী সৰ্ব‍ানন্দ সোণোৱালৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ অভিয‍ান; তিনখনকৈ বিশাল নিৰ্বাচনী সভাৰে সামৰিলে প্ৰচাৰ অভিযান

সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা , ফুলনি , ২৫ মাৰ্চ : সকলো বাক বিতন্তা প্ৰতিক্ৰিয়া অন্ত পেলাই আজি সন্ধ্যা ৬ বজাৰ লগে লগে সামৰণি পৰিল ২৭ মাৰ...


সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা , ফুলনি , ২৫ মাৰ্চ
: সকলো বাক বিতন্তা প্ৰতিক্ৰিয়া অন্ত পেলাই আজি সন্ধ্যা ৬ বজাৰ লগে লগে সামৰণি পৰিল ২৭ মাৰ্চৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ। ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২৪ মাৰ্চৰ পৰা আজি পৰ্যন্ত নিজা সমষ্টি ৯৯ নং মাজুলী জনজাতি বিধান সভা সমষ্টিত পাচঁ খনকৈ বিশাল নিৰ্বাচনী সভাত অংশ লৈ নিজৰ প্ৰচাৰ চলাই। ২৪ মাৰ্চত ৮ খন গাওঁ পঞ্চায়তৰ মাজত দুখনকৈ নিৰ্বাচনী সভা সম্পন্ন কৰাৰ পিছত আজি পূৱা কৰতিপাৰ আৰু দক্ষিণপাটৰ বিশাল নিৰ্বাচনী সভাৰ অন্ততঃ পকাজৰাত আন এখনি অন্তিম প্ৰচাৰ অভিযানত অংশ গ্ৰহণ কৰে। দক্ষিণপাট, বনগাওঁ ৰাৱনাপাৰ আৰু ৰতনপূৰ গায়ন গাওঁ পঞ্চায়তৰ মাজত দক্ষিনপাটত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ভাৰতীয় জনতাপাৰ্টী মিত্ৰজোঁটৰ হৈ অগপৰ সভাপতি ফনীধৰ টাহু, গণশক্তি অসমৰ মাজুলী জিলা সমিতিৰ সভাপতি ৰনজিৎ দলে, বিজেপিৰ মাজুলী জিলাৰ সমিতিৰ সভাপতি লোকনাথ কুটুমে মূখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাত অন্যান্য সকলৰ ওপৰিও অংশ গ্ৰহণ কৰে। প্ৰখৰ ৰদকো নেওঁচি মিত্ৰজোঁটৰ বিষয় ববীয়া সমৰ্থক ৰাইজে অংশ গ্ৰহণ কৰা নিৰ্বাচনী সভাত সাংস্কৃতিক জগতৰ অন্যতম জনপ্ৰিয় কন্ঠ শিল্পী কৃষ্ণমনি চুতীয়াই ৰাজনৈতিক ভাষণৰ মাজে মাজে গীত পৰিৱেষণ কৰি ৰাইজক ভাৰতীয় জনতাপাৰ্টী মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক বিপুল ভোটত দ্বিতীয় বাৰলৈ জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় আৰু আগন্তক ৰঙালী বিহুৰ শুভেচ্ছাৰে বিহু গীত পৰিৱেশনেৰে ৰাইজক আনন্দ দিয়ে। সভাত অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞাঁ , মাজুলী বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰূপা কামান, ১৪ নং লক্ষিমপূৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ভাষণ প্ৰদান কৰি আগন্তক নিৰ্বাচনত ৫০ হাজাৰোধিক ভোটৰ ব্যৱধানত জনপ্ৰিয় মূখ্যমন্ত্ৰী গৰাকীক মাজুলীৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত জয়লাভ কৰাবলৈ আহ্বান জনায়। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণত ইতিমধ্যে সুখ্যাতিৰে নিজৰ প্ৰথম পাচঁবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা কালৰ কেতবোৰ উন্নয়ন মূলক কামৰ অগ্ৰগতি ৰাইজৰ আগত ডাঙি ধৰি কয় যে ৰাজ্যখনৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ চৰকাৰখনে সত্ৰভূমি মাজুলীৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। যাৰ ফল স্বৰূপে বৰ্তমান ৫৪০ কিলোমিটাৰ পকী পথ , আৰু ৭০ খন দলং, সাংস্কৃতিক বিশ্ববিদ্যালয় সহ জিলাখনৰ আন্তঃগাঠনি জিলিকাই তুলিবলৈ সক্ষ্যম হ'ল আৰু ৩০ খনকৈ পকী দলং নিৰ্মাণ আৰু ২০০ কিলোমিটাৰ পকীপথ নিৰ্মাণৰ কাম হাতত আছে বুলি উল্লেখ কৰাৰ লগতে সৰ্বকালৰ অভিলেখ ভংগ কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ সদ ইচ্ছাৰ বাবে ১০৬৭ কোটি কেন্দ্ৰীয় পূজি পাবলৈ সক্ষম হোৱাৰ কথা ৰাইজক অৱগত কৰে। ৰাজ্যখনত বসবাস কৰা সকলো জাতি ধৰ্মালম্বী লোকৰ সম-মৰ্যদা প্ৰদান কৰি অসমৰ স্বভিমানক সুৰক্ষা দিয়াতো আমাৰ দায়িত্ব বুলি দৃঢ়তাৰে ৰাজ্যত বসবাস কৰা সকলোকে অৰ্থাৎ ব্ৰাক্ষণ , কোছঁ, কেওট, চুতীয়া, মটক, বনিয়া, মিচিং, দেউৰী, সোণোৱাল, নেপালী আদি সকলোকে ভাৰতীয় জনতাপাৰ্টী মিত্ৰজোঁট চৰকাৰে সুৰক্ষা প্ৰদান কৰি আহিছে আৰু কৰি থাকিব বুলি পূণৰ দোহাৰে। তাৰোপৰি মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিবছৰে ৰাজ্যবাসীয়ে সন্মূখীন হোৱা বানপানী সমস্যাৰ সমাধানত গুৰুত্ব প্ৰদান কৰি থকা হৈছে বুলি উল্লেখ কৰে। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতিৰ কথা পুণৰ সভাত দোহাৰি বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাইজক জনমূখী আঁচনি সম্পূৰ্ণ কৰাৰ প্ৰতিলক্ষে ২৭ মাৰ্চত ভাৰতীয় জনতাপাৰ্টীৰ প্ৰতীক পদুম ফুলত ভোট দিয়াৰ আহ্বান জনাই। সভাত তিতাবৰ বিজেপিৰ প্ৰভাৰী জ্যোতিপ্ৰসাদ চুতীয়া , ৰাজ্যিক বিজেপিৰ মূখপাত্ৰ লক্ষ্য কোঁৱৰ, সুভাষ দত্ত, অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, মাজুলী জিলাৰ ভাৰতীয় জনতাপাৰ্টীৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি প্ৰমোদ বৰা, দীপক গোস্বামী, সমাজ কৰ্মী ভূপেন ভূঞা, মনোজ বৰাৰ সহ বহুকেই গৰাকী দলীয় উচ্চ পৰ্যায়ৰ নেতাই অংশ গ্ৰহণ কৰে।

No comments