Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দলগাঁৱৰ বিজেপিৰ মিত্ৰদল অগপৰ প্ৰাৰ্থী হবিবুৰ ৰহমানৰ গাড়ী আৱদ্ধ ক্ষুব্ধ কৰ্মীৰ

গণ বাৰ্তা , নেপালী বজাৰ , ২২ মাৰ্চ : যি সময়ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে সকলো দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে তেনে সময়তে ৬৮ নং দলগ...


গণ বাৰ্তা , নেপালী বজাৰ , ২২ মাৰ্চ
: যি সময়ত ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে সকলো দলৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে তেনে সময়তে ৬৮ নং দলগাঁও সমষ্টিৰ অগপ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰে ক্ষুদ্ধ কৰি তুলিছে দলৰ নেতা কৰ্মীৰ লগতে সমৰ্থক সকলক । উল্লেখ্য বিজেপি মিত্ৰজোটে বিজয়ৰ সম্ভাৱনা নথকা দৰঙৰ একমাত্ৰ দলগাঁও সমষ্টিটো অগপক এৰি দিয়াত সমষ্টিটোৰ পৰা দলীয় প্ৰাৰ্থীত্ব বিছাৰি আবেদন কৰে চাৰি গৰাকী স্থানীয় লোকে । অগপ নেতৃত্বই স্থানীয় প্ৰাৰ্থীক বঞ্চিত কৰি পুনৰ ২০১৬ চনৰ নিৰ্বাচনত দলগাঁও সমষ্টিত মুখ থেকেচা খোৱা সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থী হবিবুৰ ৰহমানক প্ৰাৰ্থীত্ব প্ৰদান কৰাত ক্ষুদ্ধ হৈ পৰে তৃণমূল পৰ্যায়ৰ নেতা কৰ্মী সকল । ক্ষুদ্ধ নেতা কৰ্মী সকল দল ত্যাগ কৰি যোগদান কৰে আন আন ৰাজনৈতিক দলত । ইয়াৰ পিছতো বহু নিষ্ঠাবান দলীয় নেতা কৰ্মীক আঁতৰত ৰাখি মিত্ৰদল বিজেপিৰ দুই এজন নেতাক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ নামত এক নাটক কৰাৰ অভিযোগ দলীয় নেতা কৰ্মীৰ । উল্লেখযোগ্য যে দেওঁবাৰে নেপালী বজাৰৰ নিকটৱৰ্তী ভোটপুখুৰী গাঁৱত অগপ দলৰ এখনি নিৰ্বাচনী অনুষ্ঠিত কৰা হয় । উক্ত সভাত প্ৰাৰ্থী হবিবুৰ ৰহমান উপস্থিত হৈ নিজৰ ভাষণ প্ৰদান কৰি ওভতাৰ সময়ত লাগে কেনা । অগপ প্ৰাৰ্থী গৰাকীৰ হৈ দলগাওঁ সংখ্যালঘু বিধান পৰিষদৰ সভাপতি জয়নাল আব্দিনে কেইবাদিনো ধৰি চাৰিখন গাড়ীৰে সমষ্টি খনৰ ৫/৬ খন পঞ্চায়তত প্ৰচাৰ চলাইছে যদিও খৰছৰ বাবদ এটকাও দিয়া নাই প্ৰাৰ্থী গৰাকীয়ে । সভাপতি জয়নাল আব্দিনে খৰছৰ হিচাপ দিয়াত হবিবুৰ ৰহমানে এক কথাত টকা দিবলৈ অমান্তি হয় । উপায়ন্তৰ হৈ জয়নাল আব্দিনৰ লগতে একাংশ দলীয় নেতা কৰ্মী আৰু গাড়ী চালক সকলে হবিবুৰ ৰহমানৰ গাড়ী আৱদ্ধ কৰি কেইবা ঘন্টা ধৰি তৰ্ক বিতৰ্কত লিপ্ত হয় । জয়নাল আব্দিনে হবিবুৰ ৰহমানক কয় - আমি মাটি বেচি গাড়ী ভাৰা দিম নেকি , আমি দলৰ কৰ্মী হিচাপে দলৰ প্ৰচাৰ কৰিছোঁ । আমাক গাড়ী ভাড়া আদায় দি ইয়াৰ পৰা যাওঁক । অবশেষত দলগাওঁ স‍ংখ্যালঘু বিধান পৰিষদৰ সভাপতি জয়নাল আব্দিনক নিমতলী স্থিত হবিবুৰ ৰহমানৰ অস্থায়ী বাসগৃহত মাতে যদিও তেওঁ ঘটনাস্থলীতে এক মীমাংসা বিচাৰে । দলীয় নেতা কৰ্মীৰ অভিযোগ , তেওঁলোকে প্ৰাৰ্থীৰ বাসগৃহত লগ কৰিব গ'লে প্ৰাৰ্থী গৰাকীক লগ নাপায় । ফোন কৰিলে ফোন নধৰে , মোবাইল চুইছ অফ কৰি থয় । কেতিয়াবা যদিও প্ৰাৰ্থী গৰাকীক লগ পায় আহি আছোঁ বুলি কৈ ওলাই গৈ দিনটো উভতি নাহে । এনে বহু অভিযোগ উত্থাপিত হৈছে অগপ প্ৰাৰ্থী হবিবুৰ ৰহমানৰ বিৰুদ্ধে । দলগাওঁ সমষ্টিত অন্যান্য ৰাজনৈতিক দল সমূহৰ প্ৰচাৰৰ তুলনাত অগপ প্ৰাৰ্থী গৰাকীৰ প্ৰচাৰ তেনেই নগণ্য । স্মৰ্তব্য যে - এসময়ৰ অগপৰ দুৰ্গ হিচাপে জনাজাত দলগাওঁ সমষ্টিত এইবাৰ হবিবুৰ ৰহমানে জয়ী হ'বলৈ প্ৰতিদ্বন্দিতা কৰিছে নে কাৰোবাক জয়ী কৰাবলৈ নিৰ্বাচনত নামিছে ? এই প্ৰশ্নৰ অৱতাৰণা কৰিছে এতিয়া ৰাইজৰ মাজত । ইয়াকে লৈ এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমষ্টি খনত ।

No comments