Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰুক্ষেত্ৰীত জাকিৰ হুছেইন সিকদাৰৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

গণ বাৰ্তা, জাৰাবাৰী, ২১মাৰ্চ: নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। তিনিটা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত হ’ব। অহা ছয় এপ্ৰিলত তৃতীয় পৰ্...


গণ বাৰ্তা, জাৰাবাৰী, ২১মাৰ্চ: নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী। তিনিটা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত হ’ব। অহা ছয় এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। সৰুক্ষেত্ৰী সমষ্টিৰ নিৰ্বাচন ছয় এপ্ৰিলত অনুষ্ঠিত হব। তাৰবাবে ইতিমধ্যে সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। নতুন নতুন ৰণকৌশলৰে সমষ্টিৰবাসীৰ মাজত জোৰদাৰ প্ৰচাৰ চলাইছে কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন সিকদাৰে। আজি দিনৰ ভাগত সৰুক্ষেত্ৰী মৌজাৰ কুকাৰপাৰ বজাৰ, মাজদিয়াত সাধাৰণ জনতাৰ সতে মত বিনিময় কৰে। নিজৰ জয় নিশ্চিত কৰি কয় যে এআইইউডিএফ বা অগপৰ প্ৰাৰ্থী কাৰো সতে তেওৰ প্ৰতিদন্দ্বিতা নহয় বুলি স্পষ্ট কৰি কয় যে দুই তিনি নম্বৰত থাকিবৰ বাবে এআইইউডিএফ আৰু বিজেপিৰ মাজত প্ৰতিযোগিতা হব। এআইইউডিএফ সৰুক্ষেত্ৰীত গুৰুত্বহীন বুলি মন্তব্য কৰি কয় যে সৰুক্ষেত্ৰী এআইইউডিএফত এক নম্বৰী কৰ্মী নাই সকলো দুই নম্বৰীৰে ভৰি পৰিছে দলটো। শেষত তেও ৰাইজৰ আশীৰ্বাদ বিচাৰে। ইফালে আজিৰ ৰাতিপুৱাৰ ভাগতে সমষ্টিৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪০জন এআইইউডিএফ দলঢ়ত্যাগ কৰি কংগ্ৰেছ দলত আনুষ্ঠানিক বাবে যোগদান কৰে।

No comments