Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডবকাৰ টোলগেটত পুনৰ উত্তপ্ত পৰিস্থিতি, লাঠি ৰডেৰে প্ৰহাৰ চালকক,৭ জনক আটক

  গনবাৰ্তা, ডবকা, হোজাই , ২৩ মাৰ্চ : ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা মিকিৰাটি টোল প্লাজাত আজিও একাংশ উদণ্ড টোলগেট কৰ্মচাৰীয়ে এজন চালকক লাঠ...


 গনবাৰ্তা, ডবকা, হোজাই , ২৩ মাৰ্চ : ডবকা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা মিকিৰাটি টোল প্লাজাত আজিও একাংশ উদণ্ড টোলগেট কৰ্মচাৰীয়ে এজন চালকক লাঠিৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা ঘটনাই উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ডবকাৰ জাকিৰ হুছেইন নামৰ স্থানীয় চালক এজনে AS02-CC - 0897 নম্বৰৰ চাৰিচকীয়া বাহনেৰে যমুনামুখত ধান আনিবলৈ যাওঁতেই ডবকা সৰ্দাৰগাৱত অৱস্থিত টোলপ্লেজাটোৰ কৰ্মচাৰীয়ে টোল টেক্স বিচৰাত চালক জাকিৰে ফাষ্টটেগ লগোৱা আছে বুলি উল্লেখ কৰে, দুৰ্ভাগ্যক্ৰমে জাকিৰৰ বাহনত শেষ হৈছিল ফাষ্টটেগ ৰিচাৰ্জ, পৰিমানতকৈ ছয় গুণ অধিক টোল টেক্স বিচৰাত চালক আৰু টোলগেটৰ কৰ্মচাৰীৰ সৈতে প্ৰথমে কথাৰ কটাকটি হয় যদিও পিছলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰে। গাড়ী চালক জনক লাঠি, ৰড, বাহৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে একাংশ উদণ্ড টোলগেট কৰ্মচাৰীয়ে,স্থানীয় ছাদ্দাম হুছেইন নামৰ যুৱক এজনে চালক জাকিৰ হুছেইনক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহে যদিও ছাদ্দামকো মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰিছে।চালক জাকিৰৰ হাত ভৰিত গুৰুতৰ ভাৱে জখম হোৱাত স্থানীয় ৰাইজে জাকিৰক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে, মাৰপিটৰ ঘটনাত কেবাজন কৰ্মচাৰীও সামান্য পৰিমাণে আহত হয়।টোলগেটৰ কৰ্মচাৰীৰ গুণ্ডাৰাজৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় একাংশ দল সংগঠনৰ লগতে ৰাইজে টোলগেট ঘেৰাও কৰি উত্তাপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও ডবকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সাতজনকৈ টোলগেটৰ কৰ্মচাৰীক আটক কৰি থানালৈ লৈ যায়। আটক হোৱা টোলকৰ্মচাৰী ক্ৰমে শ্বাহাব উদ্দিন, অভিষেক টপ্পো, জুবিন খালকো, সুমিত টপ্পো, চুদিৰ আইন আৰু বাবু বাছফোৰ বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি এম ভি কনছৰ্টিয়াম নামৰ এটা কোম্পানীয়ে টোলগেট টো অবৈধ ভাৱে চলাই আছে, এজন মন্ত্ৰীৰ ঘনিষ্ঠই টোলগেটটো নিবিদা লাভ কৰাৰ বাবেই হোজাই জিলা প্ৰশাসনে টোলগেট কৰ্মচাৰীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহন কৰিবলৈ সাহস কৰা নাই বুলি চৰ্চিত হৈছে , বিগত দহ দিনত টোলগেটোত তিনিবাৰকৈ মাৰপিটৰ দৰে জঘণ্য ঘটনা সংঘটিত হৈছে যদিও জিলা প্ৰশাসনে একপ্ৰকাৰ গভীৰ নিদ্ৰাত বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আমছুৰ হোজাই জিলা সমিতিৰ সভাপতি কবিৰ আহমেদে, জিলা উপায়ুক্তৰ ৰহস্যজনক ভূমিকাৰ বাবে উদ্বেগ প্ৰকাশ কৰে আহমেদে, আনহাতে হোজাই জিলা খিলঞ্জীয়া ছাত্ৰ সন্থাৰ নেতা মইনুল উদ্দিনে অভিযোগ কৰি কয় যে টোলগেটত গুণ্ডাৰাজ বন্ধ হবে লগে, কম বয়সীয়া, অভিজ্ঞতা নথকা যুৱকক নিয়োজিত কৰি একপ্ৰকাৰ সন্ত্ৰাস চলাই আছে, একাংশ লকেল দাদাক মেনেজ কৰি অবৈধ ভাৱে টোল টেক্স সংগ্ৰহ কৰাৰ অভিযোগ মইনুল।কেবল মইুনুলেই নহয় ডবকাৰ অধিকাংশ সচেতন লোকৰ অভিযোগ, টোলগেটত থকাঅধিকাংশ কৰ্মচাৰীয়ে নাজানে ব্যৱহাৰ,যাৰ বাবে সঘনাই অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ আহিছে, টোল টেক্সৰ নামত শাৰীৰিক তথা বিভিন্ন ধৰণৰ অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।টোলগেটটোৰ পৰিচালক দেবানন্দ বৰ্মনৰ আচাৰ ব্যৱহাৰত ক্ষোভিত একাংশ লোকে, আজি এজন সাংবাদিকক অপদস্থ কৰাৰো অভিযোগ উত্থাপিত হৈছে পৰিচালক জনৰ বিৰুদ্ধে ।ঘটনা সংক্ৰান্তত ডবকা আৰক্ষী থানাত পৃথকে পৃথকে কেবাটাও গোচৰ ৰুজু হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ডবকা আৰক্ষীয়ে ৷

No comments