Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰামকৃষ্ণ ঘোষক হোজাইত বিজেপিৰ প্ৰাৰ্থিত্ব; বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ নকৰাত শিলাদিত্য দেৱৰ ক্ষোভ

মাহমুদ আলী, নীলবাগান ১০ মাৰ্চ : হোজাইত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে ৰামকৃষ্ণ ঘোষে৷আজি আনুষ্ঠানিকভাৱে ৰামকৃষ্ণ ঘোষক হোজাইত প্ৰাৰ্থিত্ব প্ৰদা...


মাহমুদ আলী, নীলবাগান ১০ মাৰ্চ
: হোজাইত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰিছে ৰামকৃষ্ণ ঘোষে৷আজি আনুষ্ঠানিকভাৱে ৰামকৃষ্ণ ঘোষক হোজাইত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ খৱৰ বিয়পি পৰাত ৰামকৃষ্ণ ঘোষৰ সমৰ্থকসকলৰ মাজত উৎসাহমুখৰ পৰিৱেশৰ সৃষ্টি হয় যদিও বিধায়ক শিলাদিত্য দেৱে প্ৰাৰ্থিত্ব লাভ নকৰাত তেখেতৰ সমৰ্থকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হয়৷ইফালে শিলাদিত্য দেৱে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাত আজি হোজাইত এখন সংবাদমেলৰ আয়োজন কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰে৷বিগত সময়ছোৱাত কেৱল সাম্প্ৰদায়িক মন্তব্যৰে হোজাই উত্তাল কৰি তোলা বিধায়কজনে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ বিজেপি দলত্যাগ কৰিব বুলি সংবাদমেলত ঘোষণা কৰিব৷ আজি বিয়লি গুৱাহাটীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰিব বুলি কয় তেওঁ৷লগতে কান্ধত মোনা লোৱা মানুহজনৰ বাবেই শিলাদিত্য দেৱে টিকট নাপালে বুলি তেওঁ নিজৰ ক্ষোভ প্ৰকট কৰে৷বিজেপিত পুৰণি নীতি আদৰ্শ নাই বুলি বিধায়কজনৰ প্ৰদান কৰে প্ৰতিক্ৰিয়া৷শিলাদিত্য দেৱৰ লগতে আন বহুকেইজনক বিজেপিয়ে ৰাজনৈতিকভাৱে হত্যা কৰাৰ অভিযোগ কৰিছে বিধায়কজনে৷হোজাইৰ জোৰাপুখুৰীত সংবাদমেল পাতি এইদৰে বিস্ফোৰক মন্তব্য কৰে বিধায়কজনে লগতে কয় যে তেওঁ মোনাৱালা নেতাজনৰ উচৰত টিকটৰ বাবে ক্ষমা বিচৰা নাছিল৷তেওঁৰ যি ঋণ আছিল সেয়া ক্ষমা বিচাৰি পৰিশোধ কৰিছিল বুলি মন্তব্য কৰে বিধায়কজনে৷ হিন্দুত্ব তথা শৰনাৰ্থীৰ মাত মতা বাবেই বিধায়ক শিলাদিত্য দেৱে বিগত সময়ত মন্ত্ৰীত্ব লাভ কৰা নাছিল বুলি বিজেপিৰ কিছু নেতাৰ বিৰুদ্ধে সংবাদমেলত ক্ষোভ প্ৰকাশ কৰে বিধায়কজনে৷টকা দিলে টিকেট লাভ কৰিলেহেতেন নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত শিলাদিত্য দেৱে কয় যে বিজেপিয়ে প্ৰথমে ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত টিকট দিয়াৰ কথা কৈছিল৷ ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত টিকট দিয়া হলে শিলাদিত্য দেৱে টিকট পালেহেতেন বুলি প্ৰতিক্ৰিয়া প্ৰকট কৰে বিধায়কজনে৷ লামডিং সমষ্টিতকৈ হোজাইত উন্নয়ন বেছি হৈছে৷উন্নয়ন কৰিও টিকট নোপোৱা কথাটোৱে শিলাদিত্য দেৱক ৰাজনৈতিকভাৱে হত্যা কৰিবলৈ চেষ্টা কৰা হৈছে বুলি মন্তব্য কৰে বিধায়কজনে৷

No comments