Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত সাপ্তাহিক বাৰ্তালোচনী "স্বদেশ প্ৰকাশ'ৰ উন্মোচন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৪ মাৰ্চ :  সাংস্কৃতিক ৰাজধানী যোৰহাটৰ পৰা আজি "স্বদেশ প্ৰকাশ" নামৰ এখনি সাপ্তাহিক বাতৰি প্ৰকাশ হয়।তদুপলক্...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ১৪ মাৰ্চ :  সাংস্কৃতিক ৰাজধানী যোৰহাটৰ পৰা আজি "স্বদেশ প্ৰকাশ" নামৰ এখনি সাপ্তাহিক বাতৰি প্ৰকাশ হয়।তদুপলক্ষে যোৰহাট তাৰকা প্ৰেক্ষাগৃহত  "স্বদেশ প্ৰকাশ" নামৰ সাপ্তাহিক কাকত খনৰ প্ৰস্তাৱনা সংখ‍্যা উন্মোচনী অনুষ্ঠানৰ এগছি বন্তি প্ৰজ্বলনেৰে  শুভাৰাম্ভ কৰে অঞ্জনা বৰঠাকুৰে।যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড°ৰাতুল চন্দ্ৰ বৰাৰ সঞ্চালনাত  অনুষ্ঠিত উন্মোচনী সভাৰ উদ্দেশ্যে বাখ‍্যা কৰে সাংবাদিক কংকণজ‍্যোতি শমাই।বিশিষ্ট সাহিত্যিক তথা  অৱসৰপ্ৰাপ্ত মূৰব্বী অধ‍্যাপক ড°বসন্ত কুমাৰ গোস্বামীয়ে কাকত খন উন্মোচন কৰি ভাষণত নতুনকৈ প্ৰকাশিত স্বদেশ প্ৰকাশ কাকতখনে যোৰহাট বাসী তথা পঢ়োৱৈ সমাজক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশাপ্ৰকাশ কৰে।কাকত খনৰ মুখ‍্য সম্পাদক ৰূপা চৌধুৰী, সম্পাদক দিগন্ত দত্ত, প্ৰকাশক  ঈশানজ‍্যোতি বৰুৱা,ৰেৱ বৰা স্বদেশ প্ৰকাশৰ পৰিয়াল বৰ্গৰ উপস্হিতিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ক্ৰমে প্ৰৱক্তা মৃদুল কুমাৰ বৰা,বিশিষ্ট ব‍্যৱসায়ী মাখনলাল গাট্ৰানি,ড° সৌমিত্ৰ পূজাৰী,বিশিষ্ট অধিবক্তা ৰিন্টু গোস্বামী, যোৰহাট জিলা আছুৰ সভাপতি বিজয় শংকৰ বৰদলৈ,তাই আহোম ছাত্ৰ সন্হাৰ জিলাৰ সভাপতি ৰাজীৱ গগৈ,প্ৰতাপ চন্দ্ৰ বৰুৱা  প্ৰমুখ্যে বহু বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব‍্য আগবঢ়ায়।অনুষ্ঠানতেই ক্ৰমে গল্পকাৰ ঔপন‍্যাসিক দীপিকা বৰুৱা,বিশিষ্ট স্তম্ভ লেখক,অধিবক্তা তাজহাৰুল হক, লেখিকা অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী ভানু হাজৰিকা,লেখিকা দীপালি গগৈ বৰুৱা আৰু লেখিকা কল্পনা কোঁৱৰ শইকীয়াক কাকত গোষ্ঠীৰ তৰফৰ পৰা লেখিকাৰ সম্বৰ্ধনা জনায়।অনুষ্ঠানত বহু খিনি গণ‍্যমান‍্য ব‍্যক্তিয়ে অংশগ্ৰহণ কৰি স্বদেশ প্ৰকাশ কাকত খনৰ যাত্ৰাই যোৰহটীয়া ৰাইজলৈ আশাৰ বা-বাতৰি কঢ়িয়াই আনিব বুলি আশাপ্ৰকাশ কৰে।

No comments