Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জীৱবিজ্ঞানত শস্যক্ৰমৰ ৰোগৰ ক্ষেত্ৰত অনুজীৱৰ প্ৰভাৱ আৰু প্ৰতিৰোধ ব্যৱস্থাপনা শীৰ্ষক সপ্তাহজোৰা কৰ্মশালা সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট,১৭ মাৰ্চ : অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদৰোগ বিভাগ ৰ উদ্যোগত ৯ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে জীৱবিজ...



ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট,১৭ মাৰ্চ
: অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্ভিদৰোগ বিভাগ ৰ উদ্যোগত ৯ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ সপ্তাহজোৰা কাৰ্যসূচীৰে জীৱবিজ্ঞানত শস্যক্ৰমৰ ৰোগৰ ক্ষেত্ৰত অনুজীৱৰ প্ৰভাৱ আৰু প্ৰতিৰোধ ব্যৱস্থাপনা শীৰ্ষক সপ্তাহজোৰা কৰ্মশালা অনুষ্ঠিত হয় । নাহেপৰ অৰ্থসাহায্যৰে আয়োজিত এই ৰাষ্টীয় পৰ্যায়ৰ কৰ্মশালাত অসম কৃষি বিশ্ববিদ্যালয়ৰ ১৪ টা বিভাগৰ লগতে যোৰহাটৰ দুখন গৱেষণা প্ৰতিষ্ঠানৰ ৫০ গৰাকী আমন্ত্ৰিত অধ্যাপক, গৱেষক,শিক্ষাৰ্থী, প্ৰকল্প সহযোগীয়ে অংশ গ্ৰহণ কৰে । কৰ্মশালাৰ শুভাৰম্ভনি অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য্য ই কয় যে শস্যক্ৰমৰ ৰোগৰ ক্ষেত্ৰত অনুজীৱৰ বিশেষ প্ৰভাৱ আছে । বিশেষ প্ৰণালীবদ্ধভাৱে এই দিশত কৰা গৱেষণা আৰু ব্যৱস্থাপনাই বহুবোৰ দিশত নতুনত্বৰ সন্ধান দিছে আৰু ইয়ে সামগ্ৰিক ভাবে কৃষিক্ষেত্ৰক আগুৱাই নিয়াত যথেষ্ট ফলপ্ৰসু বিবেচিত হৈছে । সহকাৰী অধ্যাপিকা ড° মুনমী বৰাই ব্যৱস্থাপক আৰু  ড° পলাশ দেৱ নাথে সহযোগী ব্যৱস্থাপক হিচাপে দায়িত্ব পালন কৰা কৰ্মশালাৰ আৰম্ভনি অনুষ্ঠানত কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকা ,স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড° অজিত বৈশ্য , ডি বি টি ৰ ডাইৰেক্টৰ ড° বিদ্যুত কুমাৰ শৰ্মা , নাহেপৰ প্ৰমূখ বিষয়া ড° কিশোৰ কুমাৰ শৰ্মা , উদ্ভিদৰোগ বিভাগৰ মুৰব্বী ড° দিলীপ কুমাৰ শৰ্মা ই অংশ গ্ৰহণ কৰে । কৰ্মশালাৰ আমন্ত্ৰিত সমল ব্যক্তি হিচাপে উদ্ভিদৰোগ বিভাগৰ জয়ন্ত টাৰথদাৰ, বিধান চন্দ্ৰ কৃষি বিশ্ববিদ্যালয় পশ্চিমবংগৰ ড° কপুদীপ কৰ্মকাৰ , ৰূপসনাতন মন্ডলে অংশ গ্ৰহণ কৰে।

No comments