Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিলাসীপাৰাত মহাজোঁটৰ দুই প্ৰাৰ্থীৰ বিশাল সমদল

মোছলেম উদ্দিন আহমেদ, বিলাসীপাৰা, ১১,মাৰ্চ : তৃতীয় পৰ্যায়ত ভোট গ্ৰহণ হবলগীয়া বিলাসীপাৰা মহকুমাৰ ২ টা বিধানসভা সমষ্টিৰ বাবে মহাজোঁটৰ পৰা টিকট ...


মোছলেম উদ্দিন আহমেদ, বিলাসীপাৰা, ১১,মাৰ্চ
: তৃতীয় পৰ্যায়ত ভোট গ্ৰহণ হবলগীয়া বিলাসীপাৰা মহকুমাৰ ২ টা বিধানসভা সমষ্টিৰ বাবে মহাজোঁটৰ পৰা টিকট লাভ কৰা এ আই ইউ ডি এফৰ প্ৰাৰ্থী হাফিজ বছিৰ আহমেদ কাছিমী আৰু ছামছুল হুদাই আজি হেজাৰ হেজাৰ সতীৰ্থ-সমৰ্থকৰ বাইক ৰেলিৰে ধুবুৰী জিলাৰ দুৱাৰমুখ বহলপুৰৰ পৰা হৰ্ষ উল্লাসৰে সমদল কৰি আদৰি আনে ।বাটৰ কাষত ৰৈ থকা হেজাৰ হেজাৰ লোকে প্ৰাৰ্থী দুগৰাকীক উষ্ম আদৰণি জনায়। পাছত বেলতলি চাৰিআলি হৈ বিলাসীপাৰা চহৰ ভ্ৰমণ কৰি ২৬ নং পশ্চিম বিলাসীপাৰা সমষ্টিলৈ যায়। তাতো হেজাৰ হেজাৰ সতীৰ্থ সমৰ্থক আৰু ৰাইজে বিপুল ভাৱে আদৰণি জনায়। আনফালে একাংশ বিক্ষুদ্ধ কংগ্ৰেছ আৰু এআইইউডিএফ ৰ কৰ্মীয়ে বিশালৰেলিৰ পৰা আতৰত অৱস্হান কৰা পৰিলক্ষিত হয়। সন্ধিয়া এই বিশাল ৰেলিৰ সামৰণি পেলোৱা হয়। 

No comments