ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট১১ মাৰ্চ : যোৰহাটৰ চাৰিজন বিশিষ্ট ব্যক্তিলৈ আম্বেদকাৰ ফিলশ্বিপ বঁটাৰ বাবে আমন্ত্ৰিত হোৱাত সাংস্কৃতিক নগৰী যোৰহাট...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট১১ মাৰ্চ: যোৰহাটৰ চাৰিজন বিশিষ্ট ব্যক্তিলৈ আম্বেদকাৰ ফিলশ্বিপ বঁটাৰ বাবে আমন্ত্ৰিত হোৱাত সাংস্কৃতিক নগৰী যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে । ভাৰতীয় দলিত সাহিত্য একাডেমী ৰাষ্ট্ৰীয় বঁটাৰ বাবে মনোনীত হৈছে যোৰহাটৰ তথা অসম অনুসূচীত জাতি পৰিষদৰ সভাপতি ৮৭ বছৰীয়া বছৰীয়া ঠানুৰাম দাস, যোৰহাটৰ জেষ্ঠ সাংবাদিক তথা নিউজ নাও 24×7 চেনেলৰ সত্বাধিকাৰ উৎপল কুমাৰ দাস , যোৰহাট কলিয়নী গাৱৰ নিবাসী ৰাষ্টীয় নাগৰিক পঞ্জী উন্নীত কৰন কাৰ্যত চৰকাৰী ভাবে প্ৰশংসা পাত্ৰ পোৱা জানখনা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ দাস আৰু যোৰহাটৰ শুৱনি গাঁৱৰ আনন্দ নগৰৰ নিবাসী কবি সাহিত্যিক বিপুল চন্দ্ৰ হাজৰিকাক অহা ১৩ আৰু ১৪ মাৰ্চত দিল্লীৰ পঞ্চশীল সেৱা শ্ৰমত অনুষ্ঠিত হব লগা ৩৬ তম ৰাষ্ট্ৰীয় মহোৎসৱত এই ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব। এই খবৰে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে । উল্লেখ্য যে এই ব্যক্তি কেইজনে নীৰৱে যোৰহাটত বিভিন্ন ধৰণৰ সমাজিক কাম কৰি আছে । সেই বাবেই ৰাষ্ট্ৰীয় বঁটাৰ বাবে আমন্ত্ৰিত হৈছে বুলি চৰ্চা হৈছে ।
No comments