Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

খোৱাঙত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ক'লে, 'হু ইজ বদৰুদ্দিন বুলি কোৱা লোকক এতিয়া কংগ্ৰেছে বৰপীৰা পাৰি দিছে

প্ৰণৱ ডেকাবৰুৱা, মৰাণ, ১৭ মাৰ্চঃ 'কংগ্ৰেছ আৰু এ আই ইউ ডি এফে বিপদ চপাই আনিছে অসমলৈ । এটা সময়ত হু ইজ বদৰুদ্দিন বুলি কোৱা লোকক এতিয়া কংগ্...


প্ৰণৱ ডেকাবৰুৱা, মৰাণ, ১৭ মাৰ্চঃ
'কংগ্ৰেছ আৰু এ আই ইউ ডি এফে বিপদ চপাই আনিছে অসমলৈ । এটা সময়ত হু ইজ বদৰুদ্দিন বুলি কোৱা লোকক এতিয়া কংগ্ৰেছে বৰপীৰা পাৰি দিছে । অসমৰ জাতীয় জীৱনৰ প্ৰধান শত্ৰু কংগ্ৰেছ ।' নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আজি মৰাণ সমষ্টিৰ বিধায়ক তথা বিজেপিৰ মনোনিত প্ৰাৰ্থী চক্ৰধৰ গগৈৰ হৈ সমষ্টিটোৰ বৰপথাৰ হালধিবাৰীৰ দামৈখাটী চাৰিআলিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এনেদৰে সমালোচনা কৰে কংগ্ৰেছ দলক । মুখ্যমন্ত্ৰীজনে কয়, সেই সময়ত কংগ্ৰেছে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ দলক সাম্প্ৰদায়িক বুলি কৈছিল । কিন্তু এতিয়া কংগ্ৰেছৰ বাবে বদৰুদ্দিন আজমল বুকুৰ কুটুম হৈ পৰিছে । অসমৰ ৰাইজে সেয়া নিজ চকুৰে দেখিছে । আমাৰ দেহত বীৰ লাচিতৰ তেজ আছে, সেয়ে আমি কংগ্ৰেছৰ সৈতে যুঁজ দিব পাৰিম । তেওঁ বিজেপিৰ ৫ বছৰীয়া উন্নয়নৰ কথা উল্লেখ কৰি কয়, কংগ্ৰেছৰ দিনত ঘোচ দিলেহে কাম হয় । কিন্তু আমাৰ চৰকাৰ আহি সমগ্ৰ পৰিৱেশ সলাই নিকা কৰিলে বুলি মন্তব্য কৰে ।

No comments