Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মহাগঠবন্ধনৰ কংগ্ৰেছ প্ৰাৰ্থী বাণী হাজৰিকাক লৈ বৃহত্তৰ সমদলঃ উষ্ম আদৰণি দেৰগাঁও ব্লক কংগ্ৰেছৰ

গণবাৰ্তা বিশেষ দেৰগাঁও, ০৭ মাৰ্চঃ  বিধান সভা নিৰ্বাচনৰ দিন ধাৰ্য হোৱাৰ লগে লগে দলীয় শিবিৰ সমূহত প্ৰাৰ্থীত্বকলৈ চলি থকা জল্পনা কল্পনা অন্তত ...




গণবাৰ্তা বিশেষ দেৰগাঁও, ০৭ মাৰ্চঃ  বিধান সভা নিৰ্বাচনৰ দিন ধাৰ্য হোৱাৰ লগে লগে দলীয় শিবিৰ সমূহত প্ৰাৰ্থীত্বকলৈ চলি থকা জল্পনা কল্পনা অন্তত প্ৰথম পয্যায়ৰ দলীয় টিকট প্ৰদান কৰা লগে লগে ঠায়ে ঠায়ে উৎসৱ মুখৰ পৰিৱেশ হবলৈ লৈছে। মহাগঠবন্ধনৰ প্ৰাৰ্থী তথা দেৰগাঁও সমষ্টিৰ ২০২১ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ বাণী হাজৰিকা গুৱাহাটীৰ পৰা সমদলৰ সৈতে দেৰগাঁৱত উপস্থিত হোৱাৰ লগে লগে দেৰগাঁও ব্লক কংগ্ৰেছে মটৰ চাইকেল, গাড়ী আদিৰে আদৰি আনে কাৰ্যলয়লৈ। নৃত্য গীত, ঢোল বজাই দেৰগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যলয় সমুখত উৎসৱ মুখৰ পৰিৱেশ কৰি তোলে। স্থানীয় সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে জয় ধ্বনিৰে বাণী হাজৰিকাক ফুল গামোচাৰে সম্বৰ্ধনা জনায়। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৰ্ব ভাৰতীয় কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে দেৰগাঁৱত প্ৰত্যেক জন কংগ্ৰেছ কৰ্মীৰ মনোভাৱ অনুধাৱন কৰি এজন উচ্চ শিক্ষিত তথা মহাবিদ্যালয়ত শিক্ষকতা অভিজ্ঞতাৰে পৰিপুষ্ট এগৰাকী ব্যক্তিক দেৰগাঁও সমষ্টিটোক ৰাজনৈতিক ভাৱে প্ৰতিনিধিত্ব কৰাৰ বাবে সকলো কংগ্ৰেছ কৰ্মীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে বাণী হাজৰিকাই। লগতে কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈক ধন্যবাদ জ্ঞাপন কৰি দেৰগাঁও সমষ্টিৰ ৰাইজৰ স্বাভিমানী, আত্মসন্মান সুৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। বহু সমস্যাৰে জৰ্জৰিত দেৰগাঁও সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত দেৰগাঁও ব্লক কংগ্ৰেছৰ সৌজন্যত পূৰ্ণাংগ উন্নয়ন পৰিকল্পনাৰে যুৱক, কৃষক, মহিলা সকলৰ যাতায়ত ব্যৱস্থা কৰা কথা জানিবলৈ দিয়ে। মিত্ৰজোঁটৰ প্ৰাৰ্থী কংগ্ৰেছৰ বাবে কোনো প্ৰত্যাহ্বান নহয় বুলি কৈ বাণী হাজৰিকাই দেৰগাঁও সমষ্টিৰ ৰাজনীতি শিক্ষিত যুৱচামৰ হাতত সুৰক্ষিত তাকে প্ৰতিপন্ন কংগ্ৰেছ কৰ্মী আৰু স্থানীয় ৰাইজৰ উৎসাহ বুজাইছে বুলি জানিবলৈ দিয়ে।

No comments