Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পাৰ্বত্য জিলাত পাঁচগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল; বোকাজানত বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনৰ মনোনয়ন পত্ৰ দাখিল

  গণ বাৰ্তা বোকাজান, ১০ মাৰ্চঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হবলগীয়া তিনিখন পাহাৰীয়া জিলাৰ মুঠ পাঁচখন আসনৰ বিপৰীতে আজি...

 


গণ বাৰ্তা বোকাজান, ১০ মাৰ্চঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হবলগীয়া তিনিখন পাহাৰীয়া জিলাৰ মুঠ পাঁচখন আসনৰ বিপৰীতে আজিৰ দিনটোত মুঠ পাঁচজন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াৰে বিজেপি দলৰ তিনিগৰাকী, এএছডিচিৰ এগৰাকী আৰু এপিএইচএলচিৰ এগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।আজি বিয়লি প্ৰায় ২ বজাত ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ডাঃ নোমল ম'মিনে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। বোকাজানৰ শুকানজানস্থিত বিজেপিৰ অস্থায়ী কাৰ্যালয়ৰ পৰা হাজাৰোধিক দলীয় নেতা-কৰ্মী তথা সমৰ্থকসকলে গায়ন-বায়ন, বিহু নৃত্যৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক নৃত্য, বেন-পাৰ্টী পৰিৱেশন কৰি এক বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে পদব্ৰজে বোকাজান মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। বিয়লি ২-৩০ বজাত বিজেপিৰ প্ৰাৰ্থী ডাঃ নোমল ম'মিনে ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেণ ছিং বে', কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুং, কেইবাগৰাকীও কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যক লগত লৈ বোকাজান মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামৰ হাতত তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছতে বিজেপিৰ প্ৰাৰ্থী ডাঃ নোমল ম'মিনে আগন্তুক দিনত ৰাইজৰ আশীৰ্বাদে দহ গুণ অধিক উদ্যমেৰে কাম কৰি যোৱাৰ প্ৰেৰণা যোগাব বুলি অনুভৱ ব্যক্ত কৰে। সমষ্টিৰ উন্নয়নকে মূল ইচ্ছ্যু হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি কোৱাৰ লগতে এইবাৰ নিৰ্বাচনত তেওঁৰ কোনো প্ৰতিদ্বন্দিতা নাই বুলিও মন্তব্য কৰে। আনহাতে, তেওঁৰ বিগত কাৰ্যকালত যিখিনি কাম-কাজ আধৰুৱা হৈ ৰৈ গল সেইখিনিও এইবাৰ নিৰ্বাচনত জিকিলে সম্পূৰ্ণ কৰাৰ লগতে সমষ্টিটোৰ ৰাইজৰ সকলো অভাৱ-অভিযোগ, সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইয়াৰোপৰি বিজেপিৰ প্ৰাৰ্থী ডাঃ নোমল ম'মিনে এইবাৰ নিৰ্বাচনত ৪০-৫০ হাজাৰতকৈয়ো অধিক ভোটত জয়লাভ কৰিব বুলি কোৱাৰ লগতে অন্যতম বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছে বৰ্তমানলৈকে কাৰ্বি আংলঙৰ প্ৰাৰ্থী তালিকা ঘোষণা নকৰাত তেওঁ অতি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে, সমাগত বিধানসভা নিৰ্বাচনত তেওঁ বিৰোধী শূন্য হৈ জয়লাভ কৰাটো প্ৰায় নিশ্চিত। আনহাতে আজি অল পাৰ্টী হিলছ্ লিডাৰ কনফাৰেন্সৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱা ছেমচন ছিং টেৰণেও তেওঁৰ দলীয় নেতা-কৰ্মী, সমৰ্থকক লগত লৈ বোকাজান মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখ্য যে, ছেমচন ছিং টেৰণৰ মূল নিৰ্বাচনী ইচ্ছ্যু হল ষষ্ঠ অনুসূচীভূক্ত ২৪৪ (ক) কাৰ্যকৰীকৰণ কৰা। আনহাতে বৈঠালাংছ' বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰূপছিং টেৰণেও আজি সদলবলে গৈ মনোনয়ন পত্ৰ দাখিল কৰে। প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিল কাৰ্যসূচীত উপস্থিত থাকি কাৰ্বি আংলঙৰ স্বাযত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বৈঠালাংছ'ৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিব বুলি দাবী কৰে। আনহাতে, হাফলং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী নন্দিতা গাৰ্লোছাৰ মনোনয়ন দাখিলৰ অনুষ্ঠানত আজি হাফলং চহৰত এক বিশাল জনসমুদ্ৰৰ সৃষ্টি হয়। কেইবাহাজাৰ দলীয় সমৰ্থকেৰে হাতে হাতে দলীয় পতাকা লৈ ৰাজপথৰ ওপৰেৰে এক বিশাল সমদল কৰি দলীয় প্ৰাৰ্থীগৰাকীক সংগদান কৰে। বিজেপি প্ৰাৰ্থী গাৰ্লোছাই আগন্তুক দিনত জিলাখনৰ সামগ্ৰীক বিকাশৰ লক্ষ্যৰে কাম কৰি যাব বুলি মন্তব্য কৰে। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাই দলীয় প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলৰ সময়ত সংগদান কৰে। ইয়াৰোপৰি আজি ডিফুত এএছডিচি দলৰ ডিফু সমষ্টিৰ প্ৰাৰ্থী হেমছিং তিচ'ই মনোনয়ন দাখিল কৰে।

No comments