Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত সাহিত্য চ'ৰা সম্পন্ন

  গণ বাৰ্তা,ফিল'বাৰী, ২ মাৰ্চঃ আজি অসমৰ চবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰত এক সাহিত্য চ'ৰা অনুষ্ঠিত হৈ যায়। অসম ...

 


গণ বাৰ্তা,ফিল'বাৰী, ২ মাৰ্চঃ আজি অসমৰ চবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ মহাদেৱপুৰত এক সাহিত্য চ'ৰা অনুষ্ঠিত হৈ যায়। অসম সাহিত্য সভাৰ এটি সক্ৰিয় গোট বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আৰু মহাদেৱপুৰ নিৱাসী বিশিষ্ট কবি নৱেশ্বৰ শইকীয়া আৰু জ্যোতিমা দুৱাৰা শইকীয়াৰ আতিথ্যত অনুষ্ঠিত চ'ৰাখন পৰিচালনা কৰে শাখটোৰ সভাপতি সুমন মৰাণে। সম্পাদক কিশোৰ বৰুৱাই আঁ‌ত ধৰা অনুষ্ঠানটোত অৰূপ সোণোৱাল (ছিলাপথাৰ), ৰতন বড়া, স্বপ্না সন্দিকৈ, মণিকা দিহিঙীয়া, ব্ৰজেন মৰাণ, নৱেশ্বৰ শইকীয়া, মনোৰমা মৰাণকে ধৰি অসম- অৰুণাচল প্ৰদেশৰ কেইবাগৰাকী নবীন- প্ৰবীন কবিয়ে স্বৰচিত কবিতা পাঠ কৰাৰ উপৰি স্থানীয় ছাত্ৰ-ছাত্ৰীসকলে গীত-নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত সাংস্কৃতিক কৰ্মী জ্যোতি বৰপাত্ৰ গোহাঁইয়ে পৰিৱেশন কৰা এটি মৰাণ জনগোষ্ঠীয় বিহু গীত আৰু নৃত্য প্ৰশিক্ষক বলীন গোহাঁইয়ে পৰিৱেশন কৰা ঝুমুৰা নৃত্যই উপস্থিত সকলোকে আপ্লুত কৰে। আৰম্ভণিতে গৃহস্থ নৱেশ্বৰ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত বিশিষ্ট সাংবাদিক ৰবীন মৰাণ, অৰুণাচলৰ শিক্ষক ব্ৰজ কিশোৰ সিংহ, সাংবাদিক প্ৰমোদ ভূঞা, স্থানীয় বিশিষ্ট ব্যক্তি তথা সভাৰ আজীৱন সদস্য লক্ষীনন্দন নেওগ, অসম সাহিত্য সভাৰ ৰামধেনু উপসমিতিৰ উপসভাপতি মোহন মৰাণ আৰু বুঢ়ীদিহিং শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেশ বৰুৱাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে অনুষ্ঠানত বুঢ়ীদিহিং শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লিমাৰিক লেখক ভক্ত ধাদুমীয়াই থলিতে লিখা দহটা লিমাৰিক পাঠ কৰি সকলোকে মুগ্ধ কৰে।

No comments