গণবাৰ্তা, দুধনৈ, ২১ মার্চ : আগন্তুক তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে দুধনৈ সমষ্টিটো বিভিন্ন ৰাজনৈতিক দল সমূহে নিজ দলৰ প্ৰাৰ...
গণবাৰ্তা, দুধনৈ, ২১ মার্চ : আগন্তুক তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে দুধনৈ সমষ্টিটো বিভিন্ন ৰাজনৈতিক দল সমূহে নিজ দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ইপিনে নিৰ্দলীয় প্ৰাৰ্থীয়েও ভোটাৰক আকৰ্ষণ কৰিবলৈ প্ৰচাৰ চলাইছে যদিও এইবেলি দুধনৈ সমষ্টিত কংগ্ৰেছ আৰু বিজেপি দলৰ মাজতেই মূল যুঁজখন হব বুলি ৰাইজৰ মাজত সৰৱ আলোচনা চলি আছে। কংগ্ৰেছ দলেও নিৰ্বাচনৰ বাবে সভা সমিতি কৰি প্ৰচাৰ চলাইছে। ইপিনে যোৱা দুটা দিনত দুধনৈ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰীসহ দলৰ শীৰ্ষস্থানীয় নেতাৰ লগতে বহু কংগ্ৰেছী সমৰ্থকে নেতৃত্বৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰি দল ত্যাগ কৰা পিচতে দুধনৈত কংগ্ৰেছ দলত কেইবাগৰাকী বিজেপিৰ পুৰুষ মহিলা কৰ্মীয়ে যোগদান কৰে ৷ কুশধুৱা ব্ল’ক কংগ্ৰেছৰ দুধনৈস্থিত কাৰ্যালয়ত বিজেপি কৰ্মী সকলে কংগ্ৰেছ দলত যোগদান কৰে। নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্মী সকলে বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ ঢাপলি মেলা কাৰ্যই যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে ৷ এই যোগদান কাৰ্যসূচীত দুধনৈ সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী যাদৱ স্বৰ্গীয়াৰীৰ লগতে গোৱালপাৰা জিলাৰ আন বহুতো নেতা উপস্থিত থাকে। বিজেপি এৰি কংগ্ৰেছলৈ অহা কৰ্মী সকলোক যাদৱ স্বৰ্গীয়াৰীয়ে স্বাগতম জনোৱাৰ লগতে একোখনকৈ ফুলাম গামোচাৰে আদৰণিও জনায়। সভাৰ অন্তত সাংবাদিকক জানিবলৈ দিয়ে যে, বিজেপি দলৰত অতি নিষ্ঠাৰে কাম কৰি থকাৰ পিচতো বিজেপিৰ নেতা সকলে তেওঁলোকক গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ এইদৰে কংগ্ৰেছত যোগদান কৰে ৷ কংগ্ৰেছ দলত যোগদান কৰিয়ে আগন্তুক নিৰ্বাচনত দুধনৈ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক জয়ী কৰোৱাৰ বাবে সংকল্প লয় প্ৰাক্তন বিজেপি কৰ্মী সকলে ৷ এই যোগদান কাৰ্যসূচীৰ পূৰ্বে কংগ্ৰেছ কাৰ্যালয়ত নিৰ্বাচনী ৰণ কৌশল সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ সভাও অনুষ্ঠিত হয়।
No comments