Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পাখি কটা গ’ল মহন্ত, উৎপল, সত্যব্ৰত, নৰেন সোণোৱাৰ ঃঅগপৰ দখলত থকা সমষ্টি গতাই দিলে বিজেপিক

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মাৰ্চ ঃ  একপ্ৰকাৰ মহন্তৰাজৰ অৱসান ঘটিল। কেইবা দশক ধৰি বঢ়মপুৰ সমষ্টিত দপ্‌দপাই থকা অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প...



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ মাৰ্চ ঃ  একপ্ৰকাৰ মহন্তৰাজৰ অৱসান ঘটিল। কেইবা দশক ধৰি বঢ়মপুৰ সমষ্টিত দপ্‌দপাই থকা অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এইবাৰ বঞ্চিত হ’ল টিকটৰ পৰা। অগপৰ নেতৃত্বই পাখি কাটিলে মহন্তৰ। অতুল বাহিনীৰ বিৰুদ্ধে মাত মতাৰ বাবেই ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা সন্ন্যাস ল’বলৈ বাধ্য কৰালে মহন্তক। একমাত্ৰ ক্ষমতাৰ স্বাৰ্থত বলীয়ান অতুল বাহিনীয়ে মহন্তৰ বঢ়মপুৰ সমষ্টি বিজেপিৰ হাতত গতাই দিলে। কেৱল বঢ়মপুৰ সমষ্টিয়েই নহয়, অতুল বাহিনীয়ে পাটাছাৰকুছি, কমলপুৰ, লখিমপুৰ, নাহৰকটীয়া সমষ্টিও বিজেপিক গতাই দিলে। আজি বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছতেই অগপৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক সত্যব্ৰত কলিতা, উৎপল দত্ত, নৰেন সোণোৱালৰ পাখি কটা গ’ল।

 অগপৰ দখল থকা বঢ়মপুৰ সমষ্টিত এইবাৰ বিজেপিয়ে জিতু গোস্বামীক প্ৰাৰ্থিত্ব প্ৰদান কৰে। সমান্তৰালভাৱে কমলপুৰ সমষ্টিত সত্যব্ৰত কলিতাক বঞ্চিত কৰি বিজেপিয়ে দিগন্ত কলিতাক প্ৰাৰ্থিত্ব প্ৰদান কৰে। লখিমপুৰ সমষ্টিৰ মহন্তৰ ঘনিষ্ঠ উৎপল দত্তক বঞ্চিত কৰি বিজেপিয়ে মানৱ ডেকাক প্ৰাৰ্থিত্ব প্ৰদান কৰে। নাহৰকটীয়াৰ নৰেন সোণোৱালৰ পাখি কাটি বিজেপিয়ে তৰংগ গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰে। সমান্তৰালভাৱে অগপৰ দখলত থকা তথা অগপৰ দুৰ্গ হিচাপে চিহ্নিত পাটাছাৰকুছি সমষ্টিও অগপৰ হাতৰ পৰা গুচি গ’ল। মন কৰিবলগীয়া যে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে অগপ-বিজেপিৰ ভিতৰচ’ৰাত ক্ষোভৰ জুই জ্বলাইছে। অগপৰ সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰদান কৰাক কেন্দ্ৰ কৰি তৃণমূল কৰ্মীৰ মাজত সৃষ্টি হৈছে বিদ্ৰোহ।

No comments