Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নগাৱঁৰ শালনাত চোৰাং কাঠ জব্দ

গনবাৰ্তা, চামগুৰি, ২১ মাৰ্চ : নগাঁও জিলাৰ শালনা বন বিভাগে আজি পুৱা প্ৰায় ১০-৩০ বজাত বৰজুৰিত অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ স...


গনবাৰ্তা, চামগুৰি, ২১ মাৰ্চ
: নগাঁও জিলাৰ শালনা বন বিভাগে আজি পুৱা প্ৰায় ১০-৩০ বজাত বৰজুৰিত অভিযান চলাই বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ খবৰৰ ভিত্তিত যোৱা এটা বন কৰ্মীৰ দলে নগাঁও কাৰ্বি আংলং সীমান্তৰ বৰজুৰিৰ জংঘলৰ মাজত চোৰাং কাঠ ব্যৱসায়ীয়ে লুকুৱাই ৰখা ৫২ টা ফাণ্টা জব্দ কৰে। কাৰ্বি আংলং জিলাৰ পাৰ্কোপ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বৰজুৰি খণ্ড বন কাৰ্যালয়ৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগতে চোৰাং কাঠ ব্যৱসায়ীয়ে কাৰ্বি পাহাৰৰ পৰা চোৰাং ভাবে গছ কাটি ফাণ্টাখিনি সৰবৰাহৰ বাবে মজুত কৰি ৰাখিছিল বুলি জানিব পৰা গৈছে। শাল আৰু বগী পমা গছৰ এই মূল্যবান ফাণ্টাখিনিৰ বজাৰ মূল্য প্ৰায় এক লাখ টকাৰ হ'ব বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। ইতিমধ্যে জব্দকৃত কাঠখিনি শালনা বন কাৰ্যালয়লৈ অনা হৈছে বুলি জানিব পৰা গৈছে ৷

No comments